Anuvobi Creation

Anuvobi Creation অনুভৱীৰ ক্ষুদ্ৰ প্ৰয়াসক আপোনালোকে মৰমেৰে আঁকোৱালি লব বুলি আশা কৰিছোঁ ❤️🤗

Handmade Cute little earings🌼Dm for order💌
16/01/2025

Handmade Cute little earings🌼

Dm for order💌





Gift package - 1 (2025)Dm for order Lippan art photo frame😍Order from Rantu dada📍Shivsagar From order contact   93959226...
08/01/2025

Gift package - 1 (2025)
Dm for order Lippan art photo frame😍

Order from Rantu dada
📍Shivsagar

From order contact
9395922685




Lippan art peacock design🦚❤️Dm for order🤗
20/12/2024

Lippan art peacock design🦚❤️
Dm for order🤗

Lippan art❤️DM for order😍🤗      😍  ✔♥
16/12/2024

Lippan art❤️DM for order😍🤗


😍
✔♥

এইয়া আৰম্ভনী☺️😍 অসুখীয়া গাৰে হলেও পলম নকৰি আৰম্ভ কৰিছোঁ।🥲কেতিয়াবা আজৰি সময়ত এইবোৰে কৰি থাকোঁ🌼। চেষ্টা কৰিছোঁ বহুত খিন...
12/12/2024

এইয়া আৰম্ভনী☺️😍 অসুখীয়া গাৰে হলেও পলম নকৰি আৰম্ভ কৰিছোঁ।🥲কেতিয়াবা আজৰি সময়ত এইবোৰে কৰি থাকোঁ🌼। চেষ্টা কৰিছোঁ বহুত খিনি শিকিব বাকী আছে। এগৰাকী ভন্তিয়ে নিজৰ বায়েকলৈ বুলি অৰ্ডাৰ কৰিছে। বায়েকে এই আৰ্ট বৰ ভাল পাই বোলে। গতিকে নতুন বছৰৰ শুভেচ্ছা জনাবলৈ আগতীয়াকৈ অৰ্ডাৰ কৰিছে❤️ সম্পূৰ্ণ ডিজাইন আৰু কালাৰ তাইৰ মতেই কৰিবলৈ দিছে🤗 চেষ্টা কৰিছোঁ যাতে যেনেদৰে কৈছে তেনেদৰেই কৰিব পাৰোঁ। সেয়ে আজিৰ পৰা আৰম্ভ কৰিলোঁ ইমান দিনৰ পৰা কৈ আছিল যিহেতু। তাই বোলে সুখী কাৰণ তাই মোক প্ৰথম অৰ্ডাৰ কৰিছে🥲🤗 মই এনেকৈ অৰ্ডাৰ লোৱা নাছিলোঁ এনেই হে বনাও ঘৰতে সজাবলৈ তাকেই দেখি বহুতে অৰ্ডাৰ কৰিছে বনাই দিবলৈ সেয়ে অলপ চেষ্টা কৰিছোঁ।বহুত দিনৰ পৰাই কৈ আছিল মইহে সময় পোৱা নাছিলোঁ🥲। আপোনালোককো মাজে সময়ে দেখাই থাকিম 😁☺️আপোনালোকেও যদি বিচাৰে উপহাৰ হিচাপে কাৰোবাক দিবলৈ বা নিজৰ বাবে তেনেহলে অৰ্ডাৰ কৰিব পাৰিব।🥰🌸আশা কৰোঁ আপোনালোকে মৰম দিব মোৰ এই ক্ষুদ্ৰ প্ৰয়াসক ❤️💕

14/11/2022
শৰতৰ শেৱালী সুবাস  তুলসীৰ তলৰ নীলাকাশ, মন প্ৰাণ হৰি নিয়া নৈর্সগিক দৃশ্য সৈতে পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ ....
18/10/2022

শৰতৰ শেৱালী সুবাস তুলসীৰ তলৰ নীলাকাশ, মন প্ৰাণ হৰি নিয়া নৈর্সগিক দৃশ্য সৈতে পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ ...🪔🙏❤️

জীৱনৰ ৰং ✨মোক আৰু যন্ত্ৰণা নিদিবি ঐ মোৰ এই ৰঙা কলিজাত,মইয়ো বিচাৰোঁ এটি মিঠা হাঁহিউটি যাব খোজোঁ শান্তিৰ নিজৰাতমইয়ো মোৰ দে...
31/07/2022

জীৱনৰ ৰং ✨

মোক আৰু যন্ত্ৰণা নিদিবি ঐ
মোৰ এই ৰঙা কলিজাত,
মইয়ো বিচাৰোঁ এটি মিঠা হাঁহি
উটি যাব খোজোঁ শান্তিৰ নিজৰাত
মইয়ো মোৰ দেহত সানিব বিচাৰোঁ ফাগুনৰ ৰং
উৰুৱাই নিনিবি ঐ বলিয়া বতাহ
উৰুৱাই নিনিবি মোৰ জীৱনৰ ৰং
নিনিবি ঐ মোৰ
আশাৰ পানচৈ
মোৰ জীৱন যে
এখন বোৱতী নৈ।
লৈ যা গৈ ঐ নাৱৰীয়া
এৰি দে গৈ পাল তৰা
সৌ সীমনালৈ
তাতেই দেখিছোঁ মোৰ শান্তিৰ সঁফুৰা।
হাত বাউল দি মাতি আছে মোক
মোৰ জীৱনৰ ঢৌৱে
ৰং বোৰ যেন উৰি ফুৰে
নেদেখা নৈৰ ঘাটে ঘাটে।
সিপাৰৰ সেই সেউজীয়া জাৰণি
পাৰৰ হালধীয়া সেই সৰিয়হৰ ডৰা
সেইয়াই যে সঁচা ৰং প্ৰকৃতিৰ
জীৱন ৰঙীণ কৰাৰ ।।

বৰষা (অনুভৱী হিয়া)

15/06/2022

বিনা স্বাৰ্থত একো পোৱা নাযায়।💕

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Anuvobi Creation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share