![©hemchandra kamanঅতি দু-খবৰঃ আজি ইং ৩০/০৪/২০২৪ তাৰিখে বগীনদী আৰক্ষী চকীৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ কনোৱাপাৰা গাৱঁৰ ন...](https://img5.medioq.com/705/407/423847257054072.jpg)
04/05/2024
©hemchandra kaman
অতি দু-খবৰঃ আজি ইং ৩০/০৪/২০২৪ তাৰিখে বগীনদী আৰক্ষী চকীৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ কনোৱাপাৰা গাৱঁৰ নিবাসী শ্ৰী ঘনশ্যাম কামানৰ সহধৰ্মিনী শ্ৰীমতী তুলাদৈ কামানৰ নুমলীয়া জীয়েকৰ সন্তানটোৱে অসুষ্ট হোৱাৰ বাবে লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৷ সেয়েহে জীয়েক জনীক চাবলৈ যাওঁ বুলি গাৱঁতে বিয়া হোৱা ডাঙৰ জীয়েকৰ একেবাৰে নুমলীয়া ছোৱালী তথা তাইৰ নাতিনী প্ৰায় ন দহ বছৰীয়া শ্ৰীমতী ঐঃয় চুংক্ৰাঙক লগত লৈ যায় ৷
ভীমপৰা ঘাটেদি পাৰ হৈ বগীনদী টাউনলৈ পালেহি ৷ তেনেতে অৰ্থাৎ ৰঙা এখন ব্যক্তিগত গাড়ীত দুই দুষ্টচক্ৰই সিহঁতক ক’লৈ যাব বুলি শুধাত LMCH-লৈ যাব বুলি কওঁতে ব’লক উঠক আমি থৈ আহো বুলি কোৱাত দুয়োজনী একো নভবাকৈ বা নিচিন্তাকৈ মনে মনে গাড়ীখনত উঠি গৈ আছিল ৷ তেনেকৈ গৈ থাকোঁতে লখিমপুৰলৈ নোপোৱাৰ আগতে কাকৈয়েদি সোমাই গৈ আফাৰ জুমি নামৰ কোনোবা নিজান অঞ্চলত তুলাদৈ কামানক গতিয়াই গাড়ীৰ পৰা জোৰ কৰি নমাই দিয়াৰ পিছত ছোৱালীজনীক টানি-আজুৰি গাড়ীত উঠাই লৈ যায় ৷ ঐঃয় চুংক্ৰাঙৰ আইতাক তুলাদৈহে ঘটনাৰ বিৱৰণী উল্লেখ কৰা মতে খুৱ কন্দা কটা কৰিছিল ছোৱালীজনীয়ে ৷ অসহায় ছোৱালীজনী দুই দুষ্টকৃতিৰ বলি হৈ কান্দি কান্দি গাড়ীত গ’লগৈ ৷
হায় মানৱতা ! কোন দিশে গতি কৰিছে আজিৰ সমাজ ৷ মানুহে মানুহৰ হিংস্ৰ হোৱাৰ বাবে আজি ঐঃয় চুংক্ৰাঙে এই দুষ্কাৰ্যৰ কামনাৰ বলি হ’বলৈ হ’ল ৷
গতিকে, সকলোকে মোৰ কাতৰ আহ্বান যে এই দুই দুষ্কৃতিৰ যদি সম্বেদ পাই বা ছোৱালীজনীৰ কেনেবাকৈ সন্ধান পাই তেন্তে অনুগ্ৰহ কৰি তলত দিয়া ফোন নাম্বাৰত যোগাযোগ কৰি দিবৰ বাবে ইয়াৰে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ৷🙏🙏🙏
অনুগ্ৰহ কৰি পষ্টো যিমান পাৰে চেয়াৰ কৰি দিব ৷ ধন্যবাদ ৷
যোগাযোগৰ নাম্বাৰঃ
8453339649,
8812911902.
DD Abotani TV গভীৰ প্ৰকাশ