Daily News Today

  • Home
  • Daily News Today

Daily News Today A Registered News Portal to Publish News, Programs, Interviews, Live etc. 24×7 Basically at Digital
(2)

13/02/2025

🔷ধেমাজিত জিলাখনৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকন।
🔷ডিব্ৰুগড়ৰ বিধায়ক তথা শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে আজি ধেমাজিত উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে মিলিত হয় বৈঠকত।
🔷কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে ।

13/02/2025

🔷ধেমাজি বৰগাওঁত অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত ধেমাজি জিলা বৈদিক সনাতন সমাজৰ ২৮ তম দ্বি-বাৰ্ষিক (৫৬ সংখ্যক বাৰ্ষিক) অধিৱেশনৰ প্ৰস্তুতি সম্পন্ন।
🔷১৪, ১৫ আৰু ১৬ ফ্ৰেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব অধিৱেশন ।
🔷ভক্তসকলক আদৰিবলৈ সাজু বৰগাওঁৰ মহিলাসকল।

09/02/2025

মৰমে খুলি খুলি খাই - কৃষ্ণমণি চুতীয়া ।

09/02/2025

ধেমাজি সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠান।

08/02/2025

ধেমাজি আমুলগুৰি ভোগালী সমন্বয় ক্ষেত্ৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন।
অধিৱেশনত সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত লগ বিহু প্ৰদৰ্শন।

🔷ধেমাজি মহিন্দ্ৰা ডিলাৰত Sales Executive ৰ পদ খালি । 🔷ইচ্ছুক ব্যক্তিসকলে কৰিব পাৰিব যোগাযোগ ।যোগাযোগ কৰক: 6000815166
06/02/2025

🔷ধেমাজি মহিন্দ্ৰা ডিলাৰত Sales Executive ৰ পদ খালি ।
🔷ইচ্ছুক ব্যক্তিসকলে কৰিব পাৰিব যোগাযোগ ।
যোগাযোগ কৰক: 6000815166

26/01/2025

আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ সমান্তৰালভাৱে ধেমাজি কাছাৰী ময়দানতো জিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন । ধেমাজিত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে। এইবাৰ অসম আৰক্ষী, এন চি চি, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৰ্বমুঠ ৩৩ টা দলে পেৰেডত অংশগ্ৰহণ কৰে।

18/01/2025

🔷ধেমাজিত পৰিবহণ বিভাগৰ পথ সুৰক্ষা পালনত ব্যতিক্ৰমী পদক্ষেপ ৷
🔷হেলমেট নিপিন্ধা বাইক চালকক জৰিমনা বিহাৰ পৰিবৰ্তে দিলে উপহাৰ ৷
🔷হেলমেট পৰিধান নকৰা মটৰচাইকেল চালকক দিলে একোটাকৈ কলম আৰু হেলমেট পৰিধান কৰা চালক দিলে একোখনকৈ প্ৰশংসা পত্ৰ।

17/01/2025

ধেমাজি তিনিআলিত গণশিল্পী ৰাজীৱ
শদিয়াক শ্ৰদ্ধাঞ্জলি।
জাতি মাটিৰ বাবে গান গোৱা গণশিল্পী ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে পূৰ্বাঞ্চল তাই সাহিত্য সভাই ।
ধেমাজি তিনিআলিত পূৰ্বাঞ্চল তাই সাহিত্য সভা, টাইপা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই প্ৰয়াত শিল্পী জনক শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰি ৰাজীৱ শদিয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

17/01/2025

🔷ধেমাজি চাৰিআলিত উদীয়মান কন্ঠশিল্পী ৰবিন্দ্ৰ বাইলুংৰ বিহু সুৰীয়া গীতৰ শুভ উন্মোচন।
🔷ঐ অৰুনা শীৰ্ষক গীতটি উন্মোচন কৰে ধেমাজিৰ প্ৰবীন শিল্পী বনজিৎ ভট্টই।
🔷গীতটিৰ সংগীত-প্ৰসন্ন জ্যোতি দাস আৰু বিপ্লৱ চাংমাই ,কথা সুৰ -সুকুমাৰ ফুকন, ৰবিন্দ্ৰ, হেমন্ত শৰ্মা মুনমুন শর্মা, বিপুল সিংহাৰ ।

17/01/2025

🔷ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হৈছে বিশেষ টিকাকৰণ অভিযান ।
🔷সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো বিশেষ টিকাকৰণ অভিযান আৰম্ভণি স্বাস্থ্য বিভাগৰ ।
🔷ধেমাজি জিলাত পূৰ্বে টিকাকৰণৰ পৰা বাদ পৰি ৰোৱা মুঠ ৪২০ টি শিশু আৰু ৪৮ গৰাকী গৰ্ভৱতী মহিলাক সামৰি সৰ্বমুঠ ৪৬৮ গৰাকী হিতাধিকাৰীক সামৰি ল'ব এই বিশেষ টিকাকৰণ অভিযানত।
🔷আজিৰে পৰা অহা ২৫ জানুৱাৰী লৈ চলিব এই বিশেষ টিকাকৰণ অভিযান।

11/01/2025

মৰমৰ ধেমাজিখনক লৈ নতুন পৰিকল্পনা।
"ধেমাজি দৰ্শন" !!
সকলোকে ধেমাজি জিলালৈ স্বাগতম জনাইছোঁ।

09/01/2025

🔷ধেমাজি জ্ঞানম ITI ৰ বিশেষ পদক্ষেপ ।
🔷নৱ বৰ্ষত যুৱক যুৱতীৰ বাবে ধেমাজি জ্ঞানম ITI য়ে লৈ আনিছে আশাৰ বতৰা ।
🔷নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সুখবৰ ।
🔷 নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে ধেমাজি গোৱালস্থিত জ্ঞানম ITI য়ে লৈছে এক উল্লেখনীয় পদক্ষেপ । জ্ঞানম ITI ত নতুনকৈ সংযোজন কৰা হৈছে Hotel Management বিষয়ৰ প্ৰশিক্ষণ । অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ অধীনত নগাঁও চামুগুৰিস্থিত FCI ৰ সৈতে লগ হৈ অহা ১ফেব্ৰুৱাৰীৰ পৰা হোটেল Management ৰ বিভিন্ন বিষয় যেনে Reception, Cooking , House keeping , F & B আদি সামৰি লৈ এমহীয়া প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
🔷অধিক জানিবলৈ যোগাযোগ কৰক:
9831049019/8837036084 নম্বৰত ।

02/01/2025

🔷ধেমাজি লক্ষীপথাৰ মৰীসুতী গাওঁত মিচিং জনগোষ্ঠীয় লোকসকল ব্যস্ত পৰাগ উৎসৱৰ প্ৰস্তুতিত।
🔷২০২৫ বৰ্ষৰ ১১,১২ আৰু ১৩ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব মৰীসুতী গাওঁ পৰাগ উৎসৱ ।

01/01/2025

🔷ধেমাজি জীয়াধল বালিচৰীত বৰ্মণ কছাৰী জনগোষ্ঠীয় লোকৰ জাতীয় উৎসৱ বোদ্দায় মেব্দায় পূজা পালন ।
🔷অতিজৰে পৰা প্ৰতি বছৰে বৰ্মণ কছাৰী জনগোষ্ঠীয় লোকসকলে পোহ মাহত পালন কৰে এই "বোদ্দায় মেব্দায়" ধৰ্মীয় পূজা।

🛑ধেমাজি নগৰৰ তিনিআলিৰ সমীপৰ পৰা এটি উন্নত প্ৰজাতিৰ Dog চুৰি ।🛑সন্ধান দিওঁতালৈ ১০,০০০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা স্বতাধিকা...
01/01/2025

🛑ধেমাজি নগৰৰ তিনিআলিৰ সমীপৰ পৰা এটি উন্নত প্ৰজাতিৰ Dog চুৰি ।
🛑সন্ধান দিওঁতালৈ ১০,০০০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা স্বতাধিকাৰী।

Address


Alerts

Be the first to know and let us send you an email when Daily News Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Daily News Today:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share