Buddhi ji

Buddhi ji information

30/12/2023

লোকেরা আপনাকে কী ভাবে তা বিবেচ্য নয়, তবে আপনি নিজের সম্পর্কে কী ভাবছেন তা গুরুত্বপূর্ণ এবং এটিই আপনার মধ্যে পরিবর্তন আনবে।

বৌদ্ধ সত্য

মানসিক শান্তির অভাবে,হাজারো দেহ জী'ব'ন্ত লা'শ হয়ে বেঁ'চে আছে। লেখা:☺️😀
19/10/2023

মানসিক শান্তির অভাবে,
হাজারো দেহ জী'ব'ন্ত লা'শ হয়ে বেঁ'চে আছে।

লেখা:☺️😀

----------------কেৱল ৰক্তৰ সম্পৰ্ক -------------------থাকিলেই মানুহ আপোন -----------------------হৈ নাযায়,বিপদৰ সময়ত কাষত...
13/10/2023

----------------কেৱল ৰক্তৰ সম্পৰ্ক
-------------------থাকিলেই মানুহ আপোন
-----------------------হৈ নাযায়,বিপদৰ সময়ত কাষত --------------------------থকাজনেই প্ৰকৃত আপোন ।

30/09/2023

বর্ষাপাৰা নামটো Change কৰি ৰদালি Stadium কৰিলে ভাল হ'ব, নহলে বৰষুণ হৈয়ে থাকিব ।

29/09/2023

ভাবিছিলোঁ মামাই দিয়া ২লাখ টকাটো পালেই বিয়াখন পাতিম বুলি।। পিছে মোৰ বোলে ২৮ বছৰ বয়সে হোৱা নাই।
🤦‍♂️🤦‍♂️😅😅

মাটিৰ নতুন শ্ৰেনী
28/09/2023

মাটিৰ নতুন শ্ৰেনী

জলাতংক এক অতি বিপজ্জনক ৰোগ ৷ এই ৰোগত প্ৰতিবছৰে ভাৰতবৰ্ষত বহু লোকে মৃত্যুক সাবটিবলগীয়া হয় ৷ কোনো জন্তুৰ দ্বাৰা আক্ৰমণৰ সন...
28/09/2023

জলাতংক এক অতি বিপজ্জনক ৰোগ ৷ এই ৰোগত প্ৰতিবছৰে ভাৰতবৰ্ষত বহু লোকে মৃত্যুক সাবটিবলগীয়া হয় ৷ কোনো জন্তুৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হৈ আঘাতপ্ৰাপ্ত হ'লে ততাতৈয়াকৈ গ্ৰহণ কৰিবলগীয়া সাৱধানতাসমূহ অৱলম্বন কৰক ৷ সকলো চৰকাৰী চিকিৎসালয়ত জলাতংক ৰোগ প্ৰতিৰোধী সুৰক্ষিত আৰু কাৰ্যক্ষম চিকিৎসা উপলব্ধ ।

অ-আ-ক-খ
20/09/2023

অ-আ-ক-খ

অমৃত বৃক্ষ আন্দোলনত ব্যাঘাত জন্মাব আহি হাতে লোটে ধৰাত পৰে দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী
17/09/2023

অমৃত বৃক্ষ আন্দোলনত ব্যাঘাত জন্মাব আহি হাতে লোটে ধৰাত পৰে দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

03/09/2023

আমাৰ দেশ দেশখন অতি
শুৱনি আমাৰ
মিছলীয়া মানুহে ভৰা
সচাঁ কি বস্তু বহুতে নাজানে
পৃথিৱীলৈ অহাৰে পৰা
শুৱনি আমাৰ দেশখন অতি
চতুৰ মানুহেৰে ভৰা
চাতুৰালি কৰি যাওঁ
জানে সৰুৰে পৰা ৷
শুৱনি আমাৰ দেশখন অতি
দর্যহাহীন বিষয়াই ভৰা
ঘোঁচ নাপালে কামকে নকৰে
দৰ্মহা নোপোৱাৰ পৰা ৷
শুৱনি আমাৰ দেশখন অতি
নেতা-নেত্ৰীৰে ভৰা
ৰাইজৰ কাম নকৰে মুঠেই
নেতা হোৱাৰে পৰা
শুৱনি আমাৰ দেশখন অতি
মন্ত্ৰী-বিধায়কে ভৰা
ৰাইজৰ খবৰ একেবাৰে নলয়
ভোট লোৱাৰে পৰা

03/09/2023

আমাৰ দেশ

দেশখন অতি

শুৱনি আমাৰ

মিছলীয়া মানুহে ভৰা

সচাঁ কি বস্তু

বহুতে নাজানে

পৃথিৱীলৈ অহাৰে পৰা

শুৱনি আমাৰ

দেশখন অতি

চতুৰ মানুহেৰে ভৰা

চাতুৰালি কৰি

যাওঁ

জানে সৰুৰে পৰা ৷

শুৱনি আমাৰ

দেশখন অতি

দর্যহাহীন বিষয়াই ভৰা

ঘোঁচ নাপালে

কামকে নকৰে

দৰ্মহা নোপোৱাৰ পৰা ৷

শুৱনি আমাৰ

দেশখন অতি

নেতা-নেত্ৰীৰে ভৰা

ৰাইজৰ কাম

নকৰে মুঠেই

নেতা হোৱাৰে পৰা

শুৱনি আমাৰ

দেশখন অতি

মন্ত্ৰী-বিধায়কে ভৰা

ৰাইজৰ খবৰ

একেবাৰে নলয়

ভোট লোৱাৰে পৰা

16/08/2023

জ্ঞানী গুণিৰ নিৰৱতাই অসমৰ প্ৰায় গাঁও সমাজবোৰ ৰসাতলে যোৱাৰ মূল কাৰণ মানে সকলোতে ঘুনে ধৰিলে।

05/08/2023

প্ৰগতি আৰু উন্নয়ন । ভক্তগণক ৰেহাই দিছে বুলি শুনিছো ।

26/07/2023

।। মহঙা অসম ।।

মোমাইদেউ...
কিনো তোমাৰ লীলা
চাউলৰ দাম বঢ়াই তুমি
পেটে-ভাতে মাৰিলা ।।

সংবাদ মাধ্যমত কোৱা তুমি
সেইবোৰত ৰাজ্যৰ হাত নাই
চিণ্ডিকেটৰ বেপাৰখন
ৰাইজে বুজি পায় ।।

মোমাইদেউ...
কিনো তোমাৰ লীলা
কৰ-কাটল বৃদ্ধি কৰি
বজাৰো মহঙা কৰিলা ।।

ভড়াল খালি, সম্পদ বিক্ৰী
ঋণত আছা ডুবি
ডিঙিৰ শিৰ ফুলাই কোৱা
তাৰেই নাম প্ৰগতি ।।

15/07/2023

কেউদিশৰ অতিমাত্ৰা কৰ-কাটল/জৰিমনাৰ লগতে অত্যধিক মূল্যবৃদ্ধিয়ে যদি তোমাকো জুৰুলা কৰিছে, জানি ল'বা তোমাৰ মগজু এতিয়াও বন্ধকী হোৱা নাই ।

১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ পৰিচালনা পৰিষদে আজিৰ দিনটোতে বিশ্ব জনসংখ্যা দিৱস প্ৰতিষ্ঠা কৰিছিল। বিশ্ব জনসংখ্য...
11/07/2023

১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ পৰিচালনা পৰিষদে আজিৰ দিনটোতে বিশ্ব জনসংখ্যা দিৱস প্ৰতিষ্ঠা কৰিছিল। বিশ্ব জনসংখ্যা দিৱস হৈছে এক বার্ষিক অনুষ্ঠান, এই দিনটো প্ৰতি বছৰে ১১ জুলাইত পালন কৰা হয় ৷ বিশ্বব্যাপী জনসংখ্যাৰ সমস্যা আৰু জনসংখ্যা বৃদ্ধিৰ সজাগতাৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷

02/07/2023

The suffering of the poor is increasing every day and it is difficult to survive! In "Social Media" to solve it

It will be discussed!

15/06/2023
তুমি মৰমৰ নিয়ৰ হৈ সৰিবা মই হেজাৰ দুবৰি হৈ আদৰিমতুমি সুৰৰ মালিতা হৈ আহিবামই উন্মাদ বসন্ত হৈ সাবতিম।😍😍
16/04/2023

তুমি মৰমৰ নিয়ৰ হৈ সৰিবা
মই হেজাৰ দুবৰি হৈ আদৰিম
তুমি সুৰৰ মালিতা হৈ আহিবা
মই উন্মাদ বসন্ত হৈ সাবতিম।😍😍

সুখী হৱলৈ সুস্বাস্থ্যই যথেষ্ট। টেনচনটো ১২মাহৰেই লগৰী।               - - - - copy
12/04/2023

সুখী হৱলৈ সুস্বাস্থ্যই যথেষ্ট। টেনচনটো ১২মাহৰেই লগৰী। - - - - copy

11/04/2023

বিশ্বাস
=======
অবিশ্বাসৰ বজাৰত নিলাম হয় বিশ্বাস
মূল্যহীন আশ্বাসৰ সুদীৰ্ঘ সফুঁৰা
বিপন্ন হয় মানৱতা
নিলাজ হয় সততা

একবিংশৰ কলীয়া ডাৱৰত হেৰায়
শান্তিৰ অমূল্য টোপোলা
অবিশ্বাসৰ যন্ত্ৰনাতো জন্ম হয়
জীৱনৰ জলন্ত পৰিক্ৰমা

তথাপিও বিশ্বাসৰো আছে এক সুকীয়া অতীত
দশক দশক জুৰি
সাগৰলৈ বৈ যাব জনা
এক অদম্য অস্তিত্ব
ঠিক এখন অনামী নৈৰ দৰে
অৰোধ্য বোৱতী ধাৰা ৷৷
————————

29/03/2023

I have reached 100 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

১) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?উত্তৰ : শিলঘাটত।২) প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?উত্তৰ : বোকাজানত।৩...
02/12/2022

১) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ : শিলঘাটত।

২) প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?
উত্তৰ : বোকাজানত।

৩) প্ৰশ্ন : অসমৰ কোন ঠাইত তাৰকা গৃহ আছে?
উত্তৰ : গুৱাহাটীত।

৪) প্ৰশ্ন : অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯৪৭ চনত।

৫) প্ৰশ্ন : কটন কলেজ কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯০১ চনত।

৬) প্ৰশ্ন : দেশৰ ভিতৰত ১৮৮৯ চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰ : ডিগবৈত।

৭) প্ৰশ্ন : অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি?
উত্তৰ : মহাভৈৰৱ মন্দিৰ।

৮) প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
উত্তৰ : বড়ো।

৯) প্ৰশ্ন : অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?
উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।

১০) প্ৰশ্ন : অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰ : ডেৰগাঁও।

১১) প্ৰশ্ন : এগৰাকী অসমীয়া মহিলা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম ‘Limca Book’ ত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি?
উত্তৰ : পাৰ্বতী বৰুৱা।

Cricket Men's Test Team Rankings:1.🇦🇺 Australia2.🇮🇳 India3.🇿🇦 South Africa4.🏴󠁧󠁢󠁥󠁮󠁧󠁿 England5.🇳🇿 New Zealand6.🇵🇰 Pakistan...
02/12/2022

Cricket Men's Test Team Rankings:

1.🇦🇺 Australia
2.🇮🇳 India
3.🇿🇦 South Africa
4.🏴󠁧󠁢󠁥󠁮󠁧󠁿 England
5.🇳🇿 New Zealand
6.🇵🇰 Pakistan
7.🇱🇰 Sri Lanka
8.🌴 West Indies
9.🇧🇩 Bangladesh
10.🇿🇼 Zimbabwe

(ICC)

*৫০টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ*১)Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?উ:- জৰ্ডান আৰু ইজৰাইল ।২)Bermuda triangle নামৰ ৰহস...
30/11/2022

*৫০টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ*

১)Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?
উ:- জৰ্ডান আৰু ইজৰাইল ।

২)Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
উ:- আটলাণ্টিক মহাসাগৰ ।

৩)কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
উ:- চুইজাৰলেণ্ড ।

৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- জাপান ।

৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ভূটান ।

৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
উ:-আফ্ৰিকা ।

৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:-থাইলেণ্ড ।

৮)বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
উ:- ৫ খন ।

৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
উ:- ৭ খন ।

১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ফিনলেণ্ড।

১১)কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?
উ:- পামিৰ মালভূমি ।

১২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?
উ:- গ্ৰীণলেণ্ড ।

১৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?
উ:-আমাজান ।

১৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?
উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।

১৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
উ:- ৫১ খন ।

১৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?
উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ ।

১৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?
উ:- এণ্ডিছ ।

১৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?
উ:- হিমালয় ।

১৯)কোন খন দেশক 'Battle ground of Europe' বুলি কোৱা হয়?
উ:- বেলজিয়াম ।

২০)Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- ইটালী ।

২১) ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- পেৰু ।

২২)কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত?
উ:- টেমছ ।

২৩) পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই?
উ:- ইউৰোপ ।

২৪) ফ্ৰান্সৰ ৰাজধানী কি?
উ:- পেৰিছ ।

২৫)কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত?
উ:- কানাডা ।

২৬)ইমু চৰাই কোনখন দেশত পোৱা যায়?
উ:- অষ্ট্ৰেলিয়া ।

২৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত।

২৮) পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে?
উ:- সেন (Seine) ।

২৯) Yellow stone ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত?
উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ ।

৩০) জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?
উ:- মাউন্ট ফুজি ।

৩১) আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ৮ মাৰ্চ ।

৩২) বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়?
উ:- ৫ জুন ।

৩৩) শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়?
উ:- অ'ছল' (Oslo) ।

৩৪) নোবেল বঁটা (শান্তিৰ নোবেল বঁটাৰ বাহিৰে) কোনখন চহৰত প্ৰদান কৰা হয়?
উ:- ষ্টকহ'ম ।

৩৫) ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন?
উ:- ৰবীন্দ্ৰনাথ ঠাকুৰ ।

৩৬) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল?
উ:- সাহিত্য ।

৩৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?
উ:- ১৯১৩ চনত ।

৩৮)কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?
উ:- গীতাঞ্জলি ।

৩৯) কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- ১৯০১ চন ।

৪০)কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- আলফ্ৰেড ন'বেল ।

৪১) বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
উ:- নাইজেৰিয়া ।

৪২) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ২২ এপ্ৰিল ।

৪৩)Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?
উ:- ভাৰত মহাসাগৰ ।

৪৪)নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?
উ:- ইজিপ্ত ।

৪৫) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?
উ:- ইউৰি গাগাৰিন ।

৪৬) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি?
উ:- ব্ৰাজিল ।

৪৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
উ:- প্ৰশান্ত মহাসাগৰ ।

৪৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
উ:- এছিয়া ।

৪৯)পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উ:- নীল নদী ।

৫০) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?
উ:- আমাজান ।

Address

Darrang
784125

Website

Alerts

Be the first to know and let us send you an email when Buddhi ji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Nearby media companies


Other Digital creator in Darrang

Show All