Moon Assam

Moon Assam Hi guys! kindly help me and support me.

07/11/2023
আৰক্ষী বিভাগৰ ব্যাপক সংস্কাৰৰ বাবে এই পদক্ষেপ।👇
06/07/2023

আৰক্ষী বিভাগৰ ব্যাপক সংস্কাৰৰ বাবে এই পদক্ষেপ।
👇

এইজনীয়ে সেইজনী কলংকিনী ছোৱালী যিজনীক নেকি নিজৰ স্বামীয়ে বহু আশাৰে উচ্চ শিক্ষাৰে শিক্ষিত কৰি SDM ৰ চাকৰিৰ দৰে উচ্চ পৰ্যা...
05/07/2023

এইজনীয়ে সেইজনী কলংকিনী ছোৱালী যিজনীক নেকি নিজৰ স্বামীয়ে বহু আশাৰে উচ্চ শিক্ষাৰে শিক্ষিত কৰি SDM ৰ চাকৰিৰ দৰে উচ্চ পৰ্যায়ৰ চাকৰিত অধিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল।
কিন্তু পিছলৈ আন বিষয়াৰ লগত লিলিমাই কৰি নিজ স্বামীক প্ৰতাৰণা কৰিছিল।
অৱশেষত সামাজিক মাধ্যমৰ শক্তিয়ে সকলো শেষ কৰিলে।
Power of Social Media 👍✌️🤞🤙

চিকিৎসালয় নে দুখীয়াক নিৰ্যাতন চলোৱা কাৰখানা? মানৱতাৰ চৰম অবক্ষয়, দুখীয়া মহিলাৰ কাপোৰ টানি ছিঙি দিলে হস্পিটেলৰ কৰ্মচাৰ...
03/06/2023

চিকিৎসালয় নে দুখীয়াক নিৰ্যাতন চলোৱা কাৰখানা?

মানৱতাৰ চৰম অবক্ষয়, দুখীয়া মহিলাৰ কাপোৰ টানি ছিঙি দিলে হস্পিটেলৰ কৰ্মচাৰীয়ে। মৃতকৰ পৰিয়ালক গুৰুলাগুৰুলকৈ পিটিলে হস্পিটেলৰ কৰ্মচাৰীয়ে ।

মঙলদৈ JNSM POLYCLIC ত দুখীয়া লোকক চৰম নিৰ্যাতন।

নিজৰ ভাইৰ মৃত্যুত কান্দাটোয়ে হ'ল অপৰাধ! যুৱক জনৰ ভাইৰ মৃত্যুত কান্দা বাবেই মঙলদৈ JNSM POLYCLIC ৰ কৰ্মচাৰীয়ে এনেদৰে যুৱক জনৰ ওপৰত অকথ্য নিৰ্যাতন চলায় । পুত্ৰক বচাবলৈ যোৱা মাতৃৰ কাপোৰ টানি খুলি লোৱাৰ অপচেষ্টা। নিৰৱ হস্পিটেল কৰ্তৃপক্ষ।

11/05/2023

Moon Assam Updates

অনুগ্ৰহ কৰি বোৱাৰীবোৰক প্রেমৰ প্ৰস্তাৱ নিদিব বোৱাৰীবোৰৰ এনেই একশ এবুৰি সমস্যা বুকুত শিল বান্ধি বোৱাৰীবোৰে সাঁতুৰি থাকে জ...
11/05/2023

অনুগ্ৰহ কৰি বোৱাৰীবোৰক প্রেমৰ প্ৰস্তাৱ নিদিব
বোৱাৰীবোৰৰ এনেই একশ এবুৰি সমস্যা
বুকুত শিল বান্ধি
বোৱাৰীবোৰে সাঁতুৰি থাকে জীৱন নদীৰ সোঁতত।
মূল্যায়ণৰ মাপকাঠিত নিতে তললৈ নামি থাকে নম্বৰ
ৰাতিপুৱা দেৰিকে উঠিলে
চাদৰ মেখেলা নিপিন্ধিলে
মোবাইলত হাঁহি মাতি কথা পাতিলে
আৰু ফেচবুক ব্যৱহাৰত;
মুঠতে নিতে প্রতিদিনে
হকে বিহকে
হুৰাহুৰে কমি যায় নম্বৰ।

আপোনালোকেও আকৌ
বোৱাৰীবোৰক প্রেমৰ প্ৰস্তাৱ নিদিব
বাৰে বাৰে টুকুৰিয়াই নাথাকিব হৃদয় দুৱাৰত
বিষাদ নদীত ডুবি থকা কোনোবা গৰাকীয়ে
কেনেবাকৈ যদি খেৰ কূটা বুলি
আপোনাক খামুচি লয়
বহুজনৰ জীৱন হৈ পৰিব নৰক।
অনুৰোধ জনাইছোঁ আপোনাক,তেওঁক,সকলোকে
বোৱাৰীবোৰক প্রেমৰ প্ৰস্তাৱ নিদিব
ভুলটো সেই ভুল নকৰিব
বোৱাৰীবোৰক বোৱাৰী,পত্নী,মাতৃ হৈ থাকিব দিয়ক
তেওঁলোকৰ প্রেমিক হোৱাৰ সপোন নেদেখিব।

***** ✍✍️জোনালী পাঠক*****

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when Moon Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Darrang

Show All