Hifzur

Hifzur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hifzur, News & Media Website, Dabaka.

27/04/2023

বিজ্ঞপ্তি/জাননী : তাৰিখ - 27/04/2023 ইং
হজঃ শ্বেখ আহমদ আলী (ৰঃ) তাহফিজুল ক্বুৰআন মাদ্ৰাছা ও আদৰ্শ একিডেমিৰ বাবে এজন দক্ষ ও কৰ্তব্যপৰায়ন শিক্ষকৰ আৱশ্যক হৈছে। (২৪ ঘণ্টীয়া নিজামৰ বাবে।)
অৰ্হতা - মুকম্মল ক্বুৰআনে হাফিজ । অৱশ্যে হাফিজ ও মওলানা সকলৰ অগ্ৰাধিকাৰ থাকিব।
বয়স : ২০ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰৰ উক্ত অৰ্হতা সম্পন্ন যিকোনো পুৰুষ প্ৰাৰ্থী ।
দৰমহা বিবেচনা যোগ্য আৰু কৰ্তব্য আলোচনামৰ্মে নিৰ্ধাৰণ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আবেদন জমাৰ শেষ তাৰিখ -
অহা 04/05/2023 (বৃহস্পতি বাৰ)। ধন্যবাদ।
আবেদন জমা দিয়াৰ ঠিকনা:
Office of the Head Mudaris/Muhtamim,
Hzt. Seikh Ahmed Ali (R) Tahfizul Qur'an Madrassa & Adarsha Academy, Pub Rowar per.
P.0. Karaiguri (Dabaka) -782440. Dist - Hojai (Assam).
সবিশেষ জানিবৰ বাবে - মওলানা জাকিৰ আহমেদ (মহতমিম/সম্পাদক) মঃ নং- 9101579455 (S) 6000933473 (P)

14/04/2023

হজঃ মওঃ ৰাবে হাছান চাহাব, ডবকা HSSৰ অৱঃপ্ৰাপ্ত শিক্ষক লক্ষ্মী লস্কৰ ছাৰ, ডবকাৰ ৰহমান পাটোৱাৰী চাঃ আৰু শিঙিৰপাৰৰ ফাৰহাদ - পাৰৱেজৰ মৃত্যুত 'আল-ইক্বৰা' আৰু 'ডবকা একাডেমী'ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ!😩😭

23/07/2022
23/07/2022
26/09/2021

Assalamualaikum wa. Rah. Wa. Barka. . Tuhu

06/09/2021

দেশৰ ৬০তম পৱিত্র শিক্ষক দিৱস উপলক্ষে লিখা এয়া এটি কবিতাৰ ৰূপ দিয়াৰ প্রয়াস মাথো | মোৰ চিৰ পূজনীয় শিক্ষাগুৰুসকলৰ অসীম ত্যাগ আৰু বলিদানৰ পুণ্য স্মৃতিত |

**তুমি শিক্ষক**
**** **** ****
তুমি শিক্ষক ! জাতিৰ পথ প্রদৰ্শক ,
এন্ধাৰক পোহৰাই তোলা, এগছি প্ৰজ্জ্বলিত বন্তি |
তুমি প্রকৃত কিংম্বদন্তি |
বোকাত পদুম ফুটুৱা ,
অন্ধক চকু দান কৰা |
পঙ্গুক অঙ্গ দান কৰা |
দান কৰা বিদ্যাৰ দৰে মহাধন |
তুমি খনিকৰ মহান |

তুমি শিক্ষক ! তুমি দেশৰ ভৱিষ্যৎ ,
তুমি তিমিৰৰ বন্তি, তুমি প্রগতিৰ ক্রান্তি |
বিনাশ কৰা তুমি সমাজৰ অসুৱা, দানৱ অসৎ ! জীপাল কৰি তোলা মৰুময় ধৰা |
অলেখ ঘাত-প্রতিঘাত নেওচি সফল হোৱা,
চঞ্চল ও অশান্ত সাগৰৰ এগৰাকী পাকৈত নাৱিক |
নীৰৱ ৰাতিৰ জাগ্রত প্রহৰী তুমি |

তুমি শিক্ষক ! তুমি ঐক্য-প্রগতিৰ বাহক ,
দেশৰ মুখ্য পৰিচালক | উজ্বলাই তোলা জগত তোমাৰ পোহৰত , মমে নিজে গলি আনক পোহৰাই তোলাৰ দৰে তুমি নিজকে বিলীন কৰি আনক জ্ঞানৰ পোহৰ বিলাই ভাল পোৱা |
বঞ্চিতজনক কোলাত তুলি লোৱা তুমি |

তুমি শিক্ষক ! তুমি শান্তি-সমৃদ্ধিৰ দূত,
তোমাৰ ৰঙা চকুৰ ভয়ত পলায় কত দেও-ভূত |
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিলাই দিয়া
তোমাৰ জ্ঞানৰ জ্যোতি |
নাই কোনো ভেদা-ভেদ তোমাৰ চকুত |
আনকি জীৱচৰিত্ৰকো গঢ় দিয়া
তুমি মনুষ্যত্বৰ উন্নত চৰিত্ৰলৈ |
বাহ্যিকত তুমি বৰ নিষ্ঠুৰ কিন্তু তুমি
কঠোৰ অনুশাসনৰ গৰাকী |
তোমাৰ গৰ্জনত ভোক-অলসতা পলায়, নিদ্রা হৰে | আকৌ তুমি দয়া ও মৰমৰ সাগৰ ,
তোমাৰ পৰশত পাথৰ গলে, নিদ্রামগ্ন জননীৰ কোলত যেন ৰজনী কাটে |
দেশ মাতৃৰ অলেখ সৈনিক তোমাৰ পৰশত জাগে |

তুমি শিক্ষক ! তুমি অভিভাৱক , তুমি ৰদ-বৰষুণৰ সময়ৰ ছাতি, অন্ধৰ লাখুটি,
তুমি যুদ্ধ ক্ষেত্রৰ তৰোৱাল |
ৰোগ-ব্যাধিকো নেওচি দিয়া পাঠদান ,
তুলনাহীন তোমাৰ বলিদান |
তুমি দিয়া জ্ঞান-বিদ্যাৰ নিখুঁত নয়ন,
কৰ্ণ আৰু এখনি জিভা |
তোমাৰ পদ-ধুলি আমাৰ জীৱন বেহাৰ সম্বল |
তুমি মহান, কদাচ শুজিব নোৱাৰো
তোমাৰ অকণো ঋণ, কৰিও গোটেই জীৱন সাধন |

তুমি শিক্ষক ! তুমি চিকিৎসক,
তুমি পণ্ডিত-দাৰ্শনিক-ৰাজনীতিক,
তুমি ৰাষ্ট্র নায়ক, তুমি জাতিৰ মেৰুদণ্ড |
তুমি দেশৰ অক্লান্ত সৈনিক, একনিষ্ঠ সেৱক |
তুমিয়েই হ'লা - ডক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন |
*** *** *** *** *** ***
🙏হিফজুৰ ৰহমান 🙏 ৰৌয়াৰ পাৰ; ডবকা (হোজাই) | দিনাঙ্ক : ০৫/০৯/২১ ইং |

04/08/2021

Good afternoon! You are most welcomed. Thanks a lot.

Address

Dabaka

Telephone

+916000933473

Website

Alerts

Be the first to know and let us send you an email when Hifzur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share


Other News & Media Websites in Dabaka

Show All