কাজিৰঙা ষষ্ঠ সংযোজনৰ সীমা নিৰ্ধাৰণ কৰা আৰু বিশ্বনাথ পানপুৰ মথাউৰিৰ গৰা খহনীয়াৰ সমস্যাক লৈ বিশ্বনাথ জিলা আমছুৰ সংবাদমেল।
বিশ্বনাথ জিলা আৰু কুমলীয়া আঞ্চলিক আমছুৱে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নেলীৰ হত্যাকাণ্ডৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰে ।
দলং ভাঙি তলত পৰিল ৰফিকুল ইছলাম নামৰ ৪৫ বছৰীয়া এজন লোক ।
বিশ্বনাথ জিলা কাৰাগাৰত ইফটাৰৰ খাদ্য বস্তু বিতৰণ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ
তীব্ৰ খহনীয়াৰ কবলত বিশ্বনাথ পানপুৰ মথাউৰিৰ শিঙিমাৰী অঞ্চল । জল-সম্পদ বিভাগৰ মন্ত্ৰী বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হোৱা স্বত্বেও তীব্ৰ খহনীয়াৰ কবলত বিশ্বনাথ পানপুৰ মথাউৰি। #প্ৰতিক্ৰিয়া_প্ৰকাশ_দল_সংগঠনৰ ।
বুধবাৰে আমছুৰ বিশ্বনাথ জিলা সমিতিয়ে বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু সংবাদ মেলৰ আয়োজন কৰে ।
বুধবাৰে আমছুৰ বিশ্বনাথ জিলা সমিতিয়ে বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু সংবাদ মেলৰ আয়োজন কৰে ।
৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্যে মোনাবাৰী গ্ৰান্ট য়ুথ ক্লাৱৰ চাইকেল ৰেলী
৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্যে মোনাবাৰী গ্ৰান্ট য়ুথ ক্লাৱৰ চাইকেল ৰেলী
আজি ৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্যে মোনাবাৰী গ্ৰান্ট য়ুথ ক্লাৱৰ উদ্যোগত মোনাবাৰী গ্ৰান্টত স্বাধীনতা দিৱস উদযাপন কৰা হয় ।পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে প্ৰদূষণ মুক্ত সমাজ গঢ়াৰ লক্ষৰে এক চাইকেল ৰেলী কাৰ্যসূচী গ্ৰহণ কৰে। মোনাবাৰী গ্ৰান্টৰ পৰা ২০ জনীয়া যুৱকৰ দলে চাইকেল চলাই মিজিকা হৈ বিশ্বনাথ চাৰিআলি , বৰগাং অতিক্ৰম কৰি প্ৰদূষণ ৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰে। লগতে প্ৰতিজন নাগৰিকক বৃক্ষ ৰোপন কৰি প্ৰদূষণ মুক্ত সমাজ গঢ় দিবলৈ ক্লাৱৰ সদস্য সকলে আহবান জনায়।
৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্য গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা
৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্য গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা
আজি ৭৫ তম স্বাধীনতা দিৱস উপলক্ষ্যে বিহালীৰ অন্যতম বেচৰকাৰী সংস্থা গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন কৰা হয়। পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সংস্থাটোৰ সঞ্চালক ড° কিশোৰ হাজৰিকাই । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সংস্থাটোৱে কণ কণ ছাত্ৰ ছাত্ৰী সকলক লৈ অনুষ্ঠিত কৰে এক চিত্ৰাঙ্কণ প্ৰতিযোগিতা । ২৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা এই চিত্ৰাঙ্কণ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে মুন চুণ্ডী আৰু দ্বিতীয় স্থান দখল কৰে বিকি ওৰাঙে। স্থানপ্ৰাপ্ত সকলক আকৰ্ষিত কৰিবলৈ পুৰস্কৃত কৰা হয়।