ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ
ৰকিবুল হুছেইন ডাঙৰীয়া আৰু অসম আৰক্ষীক কৰা আক্ৰমন কৰা সকলক এনকাউণ্টাৰ কৰিব লাগে।তেওঁলোকক কোনো ৰেহাই দিব নালাগে।ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, তেওঁৰ পুত্ৰ আৰু দেহৰক্ষীক কৰা আক্ৰমনক গৰিহণা নেমছু'ৰ সভাপতি বদৰুল ইছলামৰ।ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী বদৰুল ইছলামৰ।যদি দোষীক শাস্তি দিয়া নহয় তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ নেমছু'ৰ।এজন সংসদৰ যদি নিৰাপত্তা নাই এই চৰকাৰৰ সময়ত তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত।সাধাৰণ জনতাই নিৰাপত্তা হীনতাত ভোগাটো স্বাভাৱিক কথা।
ৰূপহীহাটত সাংসদ ৰকিবুল হুছাইনক আক্ৰমণকলৈ উত্তাল বিলাসীপাৰা।
বিলাসীপাৰাৰ গান্ধী চকত কংগ্ৰেছী নেতা কৰ্মীৰ উত্তাল প্ৰতিবাদ।
২৪ ঘন্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছৰ এই প্ৰতিবাদ।
প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী।
বিলাসীপাৰাত ছাফাই কৰ্মীৰ অৰ্ধউলংগ উত্তাল প্ৰতিবাদ। অহা ২৩ মাৰ্চৰ ভিতৰত চাকৰি নিয়মূয়াকৰণ নকৰিলে দিছপুৰত তীব্ৰ আন্দোলনৰ হুংকাৰ।নগৰ-চহৰ পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভুমিকা লয় ছাফাই কৰ্মী সকল। দীৰ্ঘদিনৰে পৰা ছাফাই কৰ্মী সকলে চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছে। পিছে কোনো এটা চৰকাৰে ছাফাই কৰ্মী সকলৰ দাবীৰ প্ৰতি সহাৰি দিয়া নাই।
১৮ ফেব্ৰুৱাৰী.১৯৮৩চনৰ আজিৰ দিনটোতে নেলীত সমগ্ৰ দেশ জোকাৰি যোৱা হত্যাকাণ্ড সংঘটিত হৈছিল। তেতিয়াৰে পৰা আমছুৱে ক'লা দিৱস পালন কৰি আহিছে।
সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাৰ গান্ধী চ'কত আমছুয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
১৯৮৩ চনৰ নেলী হত্যাকাণ্ডৰ ন্যায়ৰ প্ৰতিবাদত ক'লা বেজ পৰিধান কৰি ৰাজ্যজুৰি আমছুৰ ক'লা দিৱস পালন কৰে।
বিলাসীপাৰাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
কদমতলা ৩য় খণ্ড গাঁৱত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গাওঁ খনৰ আবুল জলিৰ পৰিয়ালৰ ১টা বাসগৃহত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। বিদ্যুৎ শৰ্টচাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত ঘটে।
আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২য় দিন |
২য় দিনৰ অসমীয়া বিষয়ৰ পৰীক্ষাত বিলাসীপাৰাত ওলাইছে জাপে জাপে নকল | পৰীক্ষাৰ্থীক সকলক বিদ্যালয়ৰ মূলদ্বাৰত তালাচী (checking) কৰিবলৈ লওঁতে পৰীক্ষাৰ্থীৰ পৰা ওলাইছে জাপে জাপে নকল |
এয়া বিলাসীপাৰাৰ বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰ |
বিলাসীপাৰাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
শগুন মাৰী ৪থ খণ্ড গাঁৱত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গাওঁ খনৰ আবুল কালাম ৰজব আলী পৰিয়ালৰ ২টা বাসগৃহত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। বিদ্যুৎ শৰ্টচাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত ঘটে
সাংসদ গৌৰৱ গগৈৰ পত্নীৰ ভাৰতীয় নাগৰিকত্বৰ বিষয় আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডুবাইত অট্টালিকা নিৰ্মাণ কৰাৰ বিষয়। দুয়োটা বিষয়ৰে তদন্ত বিচাৰিছে অখিল গগৈয়ে।
বিলাসীপাৰাত ৰাইজৰ দ'লৰ জন সভাত সংঘটিত হৈছে আজৱ ঘটনা। দুই শতাধিক মানুহ পাৰঘাটেৰে পাৰ হৈ উভতি অহাৰ সময়ত ৰাইজৰ দ'লৰ নেতাই ভাৰা দিলে মাত্ৰ ২০ টকা। দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিৰসীংজৰুৱা বিধানসভা সমষ্টিৰ ৰাইজৰ দ'লৰ তত্বাৱধায়ক মোছলেম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। এই অদ্ভুত কৰ্ম কাণ্ডত চৰম বিপদত পৰিছে পাৰঘাটৰ গৰাকী। পাৰঘাটৰ দুৰ্ভোগীয়া ব্যক্তিজনৰ আবেগভৰা মন্তব্য- মই শুনিছোঁ এই গৰাকী মোছলেম উদ্দিন চৌধুৰী বোলে ৰাইজৰ দ'লৰ বিধায়কৰ আশাবাদী প্ৰাৰ্থী। পিছে এওঁ ২ শতাধিক মানুহৰ দায়িত্ব লৈ উভতি যোৱাৰ সময়ত মোক ভাৰা দি গ'ল মাত্ৰ ২০ টকা! মোৰ প্ৰশ্ন- এওঁ বিধায়ক হ'ব কেনেকৈ? নতুবা যদি কিবাকাৰণত হয়, তেতিয়া আমাৰ দৰে দৰিদ্ৰ তথা সাধাৰণ জনতাৰ অৱস্থা কি হ'ৱ গৈ?
বিলাসীপাৰাৰ দুৰ্গম চৰাঞ্চলত উপস্থিতিত হয় বিধায়ক অখিল গগৈ। বিৰসীংজৰুৱা বিধানসভা সমষ্টিৰ দৈখোৱা বজাৰত বিশাল জনসভা সম্বোধন কৰে ৰাইজৰ দ'লৰ সভাপতি অখিল গগৈয়ে। ২৬ ৰ বিধিনসভা নিৰ্বাচনত মিত্ৰতা আৰু সাংসদ গৌৰৱ গগৈৰ পত্নীৰ ভাৰতীয় নাগৰিকত্বৰ বিষয়কলৈ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত চলি থকা শীতল যুদ্ধকলৈ সংবাদ মাধ্যমত অখিল গগৈৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য-
২৬ ৰ বিধিনসভা নিৰ্বাচনত কংগ্ৰেছ সহ বিৰোধী ৰাজনৈতিক দলৰ লগত ৰাইজৰ দ'লৰ মিত্ৰতাৰ বিষয় একপ্ৰকাৰৰ চূড়ান্ত হৈছে।