16/03/2024
লুৰীণ জ্যোতি গগৈ ডাঙৰীয়া,
মোৰ নিৰ্বাচনী সভা বাতিল কৰিবলৈ চেষ্টা কৰাৰ বাবে মোৰ প্ৰতিক্ৰিয়া।
● আপুনি কি কেৱল নিজৰ ডিব্ৰুগড় আসনখন সুৰক্ষিত কৰি কংগ্ৰেছ দলৰ ভৰিত পৰি কি ভিতৰোৱা বুজাবুজি কৰি ১৪ তাকৈ দলক ঠগাই নিজৰ সমষ্টিত ব্যস্ত থকাৰ আঁৰৰ ৰহস্য কি ৰাজহুৱা কৰিম নেকি ?
● আপোনাক কি কংগ্ৰেছৰ ভৰিত পৰি নিজৰ আসন খন সুৰক্ষিত কৰাৰ বাবেহে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বনাইছিল নেকি ?
● এয়াই নেকি আপোনাৰ আপোচবিহীন যাত্ৰা,বজ্ৰ
কণ্ঠৰ চৰিত্ৰ সমূহ ?
● আপুনি কি অসম জাতীয় পৰিষদ দল কেৱল উজনি অসমকলৈ আৰু সংখ্যাগুৰু নেতাৰে চলাম বুলি ভাবিছে নেকি ?যাৰ বাবে মই নামনিৰ সংখ্যালঘু নেতা হোৱা বাবে মোক নাইকিয়া কৰিব বিচাৰিছে ?
● আপুনি কি দলীয় প্ৰতীক চিহ্ন জাহাজ খনৰ মালিক নেকি ?
● ২০২১ বিধানসভা নিৰ্বাচনত আপুনি কিয় মনে মনে দিল্লীৰ ৰাজস্থান গেষ্ট হাউচ কংগ্ৰেছ নেতাৰ লগত লগ হৈ ভিতৰুৱা বুজা বুজিৰ নামত কিমান টকা দাবী কৰিছিল তাৰ তথ্য লাগে নেকি ?
● কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰোঁ বুলি ডিঙিৰ শিৰা ফুলাই ফুলাই ডাঙৰ ডাঙৰ ভাষণ মিছাকৈ দি আপোনাৰ অলপো লাজ লগা নাই নে দিল্লীৰ কংগ্ৰেছৰ মুখ্যকাৰ্যলয়ত কেৱল নিজৰ টিকেটৰ ভৰিত পৰিবলৈ।
● আপোনাৰ অমায়িক চেহেৰাৰ আঁৰত থকা সম্প্ৰদায়ীক আৰু উজনি নামনিৰ বিভাজনৰ ৰাজনীতিৰ চৰিত্ৰ অসমৰ ৰাইজে লাহে লাহে গম পাব।
● আপোনি মোৰ নিৰ্বাচনী সভা যিমানেই বন্ধ কৰাৰ চেষ্টা নকৰক কিয় নামনি অসমৰ দলীয় কৰ্মী আপোনাৰ চাকৰ নহয় যে আপুনি যি নিৰ্দেশ দিব তাকেই পালন কৰিব
● আপুনি মোক যিমানেই কাৰণ দৰ্শোৱা জাননী জাৰি নকৰক কিয়,নিলম্বন,বহিস্কাৰ নকৰক কিয় মই জাহাজৰ প্ৰতীকত নিৰ্বাচন খেলিম,আপুনি পাৰে যদি মোৰ প্ৰতীক বাতিল কৰি দেখাওক।
● এনেও আপোনাৰ মালিকাবধীন অসম জাতীয় পৰিষদ দল লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বন্ধ হৈ যাব।
● আপুনি কেৱল আৰু দুদিনমান অপেক্ষা কৰক মই লাগিলে ৰাজনীতিয়ে নকৰোঁ কিন্তু আপোনাৰ লোভনীয় চৰিত্ৰ ৰাজহুৱা কৰক।