Axom Khobor

Axom Khobor সদায় সত্য আৰু প্ৰকৃত খবৰৰ সৈতে...
ৰাইজৰ বাবে, ৰাইজৰ সেৱাত, ৰাইজৰ কণ্ঠ।

26/02/2025
26/02/2025
14/02/2025
14/02/2025
14/02/2025
14/02/2025
04/02/2025

বৰভাগ মহাবিদ্যালয়ত উলহ-মালহেৰে উদযাপন কৰা হয় সৰস্বতী পূজা

29/01/2025

পানাগাঁৱৰ টোপ- লছিমাত ১৮৯৪ চনৰ ৰাইজ মেলৰ স্মৃতি চাৰণ।

সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ শোষণ আৰু বৰ্দ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত ১৮৯৪ চনৰ ২৪ জানুৱাৰীত সৰুক্ষেত্ৰীৰ লচিমাৰ পানাগাঁৱৰ টোপত সৰুক্ষেত্ৰী অঞ্চলৰ ৰাইজ মিলিত হৈ বিদ্ৰোহ কৰিছিল। ইতিহাসত যাক বিখ্যাত পানাগাঁৱৰ টুপৰ ৰাইজ মেল নামেৰে জনাযায়। প্ৰতি বছৰে নিৰ্যাতিত কৃষক ৰাইজৰ সোঁৱৰণ কৰি লচিমাৰ পানাগাঁৱৰ টোপ থান পৰিচালনা সমিতি আৰু লচিমা গাওঁ উন্নতি সাধিনী সভাই পানাগাঁৱৰ টোপ লচিমাত ঐতিহাসিক ১৮৯৪ চনৰ এইপানাগাঁৱৰ টোপৰ ৰাইজ মেল ( কৃষক বিদ্ৰোহ) দিনজোৰা কাৰ্য সুচীৰে স্মৃতি চাৰণ সভা অনুস্থিত কৰি নিৰ্যতিত কৃষক ৰাইজক সোৱৰণ কৰে। অনুষ্ঠানৰ পুৱা আঠ বজাত পতাকা উত্তোলন কৰে লচিমা গাওঁ উন্নতি সাধিনী সভাৰ সভাপতি ভগৱান বৰ্মনে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে সমাজ কৰ্মী আদিত্য লহকৰে। অনুষ্ঠানত কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু স্মৃতি তৰ্পণ কৰে। ভাগৱত পাঠ কৰে সমাজ কৰ্মী,অধিবক্তা অভয় বৰ্মনে। ইয়াৰ পিছতে সৰুক্ষেত্ৰী মৌজা ভিত্তিক মহিলাৰ নাম অনুষ্ঠিত হয়। নামৰ অন্তত স্মৃতি চাৰণ সভাৰ ভাষণ দিয়ে অধিবক্তা অভয় বৰ্মনে।
সাম্ৰাজ্যবাদী শাসকৰ শোষণ নীতিৰ বিৰুধ্যে সৰুক্ষেত্ৰী অঞ্চলৰ কৃষক ৰাইজে বিদ্ৰোহ কৰি অমানুষিক অত্যাচাৰৰ সন্মুখীন হৈছিল। যিবোৰ আছিল অতি বেদনা দায়ক ঘটনা।সাম্ৰাজ্যবাদী শাসকৰ শোষণ নীতিৰ প্ৰতিবাদ কৰা পাকা সৰুক্ষেত্ৰী মৌজাৰ ৰাইজ আজিও অৱহেলিত হৈ আহিছে। ৰাইজ মেল পাতি ব্ৰিটিছ চৰকাৰৰ শোষণ নীতিৰ বিৰুধ্যে প্ৰতিবাদ কৰাত অকথ্য নিৰ্যাতন ভোগ কৰিছিল অঞ্চলটোৰ কৃষক, বনুৱা, শ্ৰমজীবী, কঁহাৰ সকল। সাম্ৰাজ্যবাদী শাসক সকলে অঞ্চলটোত পুলিচ, মিলিটাৰী মেলি দিছিল। ভয়ত মানুহে অৰ্ধহাৰে, আনহাৰে, হাবিত দিন পাৰ কৰিছিল। পুষ্পৰাম কঁহাৰকে ধৰি আগত ফুৰা মেলকি সকলক জেলত ভৰাই থৈছিল। সৰ্থেবাৰীৰ পুষ্পৰাম কঁহাৰে ৬ বছৰ কাৰাবাস খাটিছিল। তেওঁ জেলৰ ভিতৰতে জেল কাঁহী, জেল বাতি, থোক তামোল তৈয়াৰ কৰিছিল। কিছুমান লোকক গৰুৰ সলনি পথাৰত নাঙলত জুৰি হাল বোৱা হৈছিল। ৰাইজ মেল পাতি অযুক্তিকৰ ভাবে খাজনা বৃদ্ধি কৰাৰ প্ৰতিবাদ কৰি চৰকাৰী দমনৰ সন্মুখীন হব লগাত আৰু পিছৰ সময় চোৱাত প্ৰাকৃতিক দুৰ্যোগৰ বাবে পাকা সৰুক্ষেত্ৰী মৌজাৰ কৃষক ৰাইজৰ কঁকাল ভাঙে। স্বাধীনতা লাভৰ পিছত গঠিত জাতীয় চৰকাৰৰ দিনটো কৃষক ৰাইজে কঁকাল ভাঙি পোনকৈ থিয় হব পৰা নাই। আজিও অঞ্চলটোৰ ৰাইজ নানা ধৰনে প্ৰতাৰিত শোষিত হৈ আহিছে। কৃষক বিদ্ৰোহৰ ঐতিহাস পূৰ্ণ পানাগাঁৱৰ টোপৰ ৰাইজ মেলক সংৰক্ষণ কৰা আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি টোলাৰ বাবে চৰকাৰে কৰ্ম ব্যৱস্থা গ্ৰহণ কৰাটো ৰাইজে বিচাৰিছে।

28/01/2025

🔴🔴আজি বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ওচৰৰ কাপলা বিলৰ পাৰত মহাপুৰুষ শ্ৰী মন্তশংকৰ দেৱ আৰু মাধৱ দেৱে ছমাহ ধৰি কটোৱা সমন্বয় ক্ষেত্ৰ পাগদানী ঘাটত প্ৰকৃতি প্ৰেমী নৱজিৎ নাথৰ উদ্যোগত নৱজিৎ ডেকা, ৰাণুমা ডেকা আৰু বিশাল ডেকাই চাফাই অভিযান চলায় আৰু গছপুলি ৰোপন কৰে।🔴🔴

27/01/2025

⭕⭕আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সৰ্থেবাৰী প্ৰশান্তি ল’জত সৰ্থেবাৰী ৰাইজৰ সহযোগত অসমীয়া গীতৰ আধাৰত অসম ভিত্তিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হয় ⭕⭕

26/01/2025

আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উদযাপন কৰা হ'ল গণৰাজ্য দিৱস।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Axom Khobor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share