20/09/2025
এটি যুগৰ অৱসান
সংগীত জগতৰ নক্ষত্ৰ, প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, অসমৰ গৌৰৱ, সকলোৰে শ্ৰদ্ধাৰ, জুবিন গাৰ্গ দেৱে কালি ১৯ ছেপ্টেম্বৰ ২০২৫ ইং তাৰিখে অসমী আইৰ বুকু উদং কৰি আমাৰ মাজৰ পৰা আঁতৰি যায়।
ছিংগাপুৰত স্কুবা দাইভিং কৰি থাকোতে দুৰ্ঘটনাত পতিত হৈ মহান শিল্পী গৰাকীৰ মৃত্যু হয়। এই বাতৰিয়ে প্ৰতিজন অসমীয়াক মৰ্মাহত কৰিছে আৰু জাতিটোৰ লগতে শিল্পীজগতত এয়া এক অপুৰণীয় ক্ষতি।
উক্ত বিষয়টোত আমি মানাহ আঞ্চলিক ছাত্ৰ সন্থাইয়ো অতিকৈ মৰ্মাহত হৈছো। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে প্ৰতিজন অসমীয়ালৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।
তেখেতৰ গীত মাত, তেখেতৰ সৃষ্টিৰ জৰিয়তে প্ৰতিজন অসমীয়াৰ হৃদয়ত আৰু গোটেই শিল্পী জগতত তেখেতৰ নাম অমৰ হৈ ৰওক, তেখেতৰ আত্মাই সদগতি লাভ কৰক, তাৰে কামনাৰে আমি মানাহ আঞ্চলিক ছাত্ৰ সন্থা আৰু মানাহ জীপ চাফাৰি এছছিয়েচনৰ উদ্যোগত, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰোঁ