23/10/2024
কেতিয়াবা এনেকুৱা হয় নে, আপোনাৰ কণ্টেক্ট লিষ্টৰ এটা চিনাকি নম্বৰ, যি এসময়ত আপোনাৰ কল লিষ্টত পুৱা গধূলি জিলিকি আছিল। কেতিয়াবা আনলৈ বুলি ফোন লগাওঁতেও অভ্যাসবশত ভুলতে তেওঁলৈ লাগিছিল। ট্ৰু কলাৰত যিটো নম্বৰ ফ্ৰিকুয়েন্টলি কানেক্টেদ বুলি ওলাই আছিল। আৰু আজি সেই নম্বৰটোত ফোনটো লগাবলৈ লৈ আপুনি বাৰে বাৰে ৰৈ গৈছে। কাৰণ আপুনি জানে, সেই নম্বৰটোৰ সিপাৰে আগৰ দৰে হেঁপাহ নাই। ফোনটো হয়তো ৰিচিভ কৰিব, কথাও পাতিব। সেই মাত্ৰ, কেজুৱেল ভাল বেয়া খা খবৰ। সেই অনুৰাগহীন বাৰ্তালাপৰ ভয়ত আপুনি ৰৈ যায়। আৰু এদিন মোবাইল বা ছিমখন সলাওতে নম্বৰটো ডিলিট হয়। এনেকৈ কত যে নম্বৰ আঁতৰি গৈছে। কত যে মুখ হুমুনিয়াহ হৈ ধূসৰ হৈছে। বহুদিনৰ মূৰত কোনোবা আবেলি এটাত মনত পৰে, কেতিয়াবা হুমুনিয়াহ সৰে। কিন্তু আপুনি জানে, সময়বোৰ আপুনি উভতাব নোৱাৰে। ভাৱবোৰ জোকাৰি আপুনিও আগবাঢ়ে। বাস্তৱ আচলতে এয়াই, সম্পৰ্ক যিমানেই গাঢ় নহওক, অনুভৱ যিমানেই অন্তৰংগ নহওক, এসময়ত চাগে মামৰ লাগে। নাই, দোষ কাৰো নাই। কিন্তু কিছুমান বস্তু সদায় একে হৈ নাথাকে। হয়তো, থাকিবও নোৱাৰে।
✍️কৌশিক নন্দন বৰুৱা...