Prime 24 Assam

  • Home
  • Prime 24 Assam

Prime 24 Assam Prime 24 Assam

It is a registered digital web media which is run by reputed and experts personalities is under M/S Hazarika Enterprises and Lt Wahidur Rahman Hazarika Foundation of Sivasagar.Its one unit is also located in Kamrup Metro District.Prime 24 Assam NE and Prime 24 Bangla are also a member of this family...

Happy Independence Day
15/08/2024

Happy Independence Day

09/08/2024

Advertisement

LAND FOR SALE
08/08/2024

LAND FOR SALE

07/08/2024

One 7 lessa plot of land is available for sale at Kalibari Road, in front of Sophy Mercy Memorial School, Sivasagar, if interested then inbox us.

07/08/2024

1bhk,2bhk,3bhk Flat available for sell in Ghy at different location,if interested then inbox us

07/08/2024

2plot of land along with one RCC building will be on sale in Amguri Gaon at Sivasagar, if interested then inbox us.

আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস।
20/06/2024

আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস।

Eid Mubarak to all
11/04/2024

Eid Mubarak to all

শিৱসাগৰ জিলা নাজিৰাৰ মেছাগড় অঞ্চলত যোৱা কালি নতুনকৈ Heritage Mechagarh,An Eco Resort  এখন মুকলি  কৰা হৈছে।Resort খনত নাৰ...
11/01/2024

শিৱসাগৰ জিলা নাজিৰাৰ মেছাগড় অঞ্চলত যোৱা কালি নতুনকৈ Heritage Mechagarh,An Eco Resort এখন মুকলি কৰা হৈছে।Resort খনত নাৰ্চৰী লগতে লাইব্ৰেৰী আৰু বিভিন্ন ধৰণৰ থলুৱা সোৱাদ যুক্ত আহাৰ উপলদ্ধ হব।সময় সন্ধ্যা চাৰি বজাৰ পৰা দহ বজালৈ।

Will be opening on
20/12/2023

Will be opening on

আজি ইং ১৪ নৱেম্বৰ,মঙ্গলবাৰ শিশু দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ মেছাগড় স্থিত মৰহুম ৱাহিদুৰ ৰহমান হাজৰিকা মেমৰিয়াল এডুকেচনা...
14/11/2023

আজি ইং ১৪ নৱেম্বৰ,মঙ্গলবাৰ শিশু দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ মেছাগড় স্থিত মৰহুম ৱাহিদুৰ ৰহমান হাজৰিকা মেমৰিয়াল এডুকেচনাল ফউণ্ডেশ্যনৰ সৌজন্যত তথা হলি চাইল্ড স্কুলৰ সহযোগত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৱাহিদুৰ ৰহমান হাজৰিকা সোঁৱৰণি বঁটা ২০২৩বৰ্ষৰ বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন বঁটা প্ৰাপ্ত ভোগেশ্বৰ বৰুৱাদেৱক প্ৰদান কৰা হল। উক্ত অনুষ্ঠানত ফউণ্ডেশ্যনৰ সভাপতি ও বিদ্যালয়ৰ অধ্যক্ষ জীয়াওৰ ৰহমান প্ৰমুখ্যে কৰি ফউণ্ডেশ্যনৰ সচিব সাজিদুন নাহাৰ আহমেদ,কাৰ্যবাহী সদস্য ক্ৰমে পূৰ্ণম বেগোম,পাৰসিজ ৰোহান হাজাৰিকাকে ধৰি শিক্ষক, বিষয়ববীয়া,ছাত্র-ছাত্ৰী ও অভিভাৱক উপস্থিত থাকে।

*নগাঁও জিলাৰ ৰূপহী হাটত চলিছে গা‌ঞ্জা,লিকোৰ Home delivery.* *ৰূপহী হাটত ঘৰে ঘৰে গৈ গাঞ্জা,লিকো আদি নিচাযুক্ত টেবলেট বিক্...
20/09/2023

*নগাঁও জিলাৰ ৰূপহী হাটত চলিছে গা‌ঞ্জা,লিকোৰ Home delivery.*

*ৰূপহী হাটত ঘৰে ঘৰে গৈ গাঞ্জা,লিকো আদি নিচাযুক্ত টেবলেট বিক্ৰী।*

ৰূপহী হাটৰ গড়েমাটিখোৱাৰ ৰফিকুল ইছলামে বিগত বহু দিনৰে পৰা গা‌ঞ্জা,লিকো, আদিৰ ৰমৰমীয়া বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উঠিছে। নিজা ঘৰতেই লাখ লাখ টকাৰ গা‌ঞ্জা মজূত ৰাখি দিনে নিশাই চলাই গৈছে গাঞ্জা, লিকোৰ এক এই ৰমৰমীয়া বেহা। এই চাইকেল খনলৈ মন কৰক, চাইকেলত থকা বেগ কেইখনত আছে কেৱল গা‌ঞ্জা আৰু গাঞ্জা।গাঞ্জা ভৰ্তি কৰি ৰফিকুলে চাইকেলেৰে মানুহৰ ঘৰে ঘৰে গাঞ্জা দিয়াৰ ওপৰিও ইটাভাটা, দোকান, ৰে‌ষ্টুৰে‌ন্ট আদিত গা‌ঞ্জা,লিকোৰ লগতে নিচাযুক্ত টেবলেট আদি বিক্ৰী কৰি আহিছে। উ‌ল্লে‌খ্য যে কিছুদিন পূৰ্বেও গা‌ঞ্জা, লিকোৰ অভিযোগত ব্যৱসায় কৰাৰ অপৰাধত জেল হাজতৰ পৰা আহিছে। ৰফিকুলে ‌প্ৰতিদিনে ‌প্ৰায় ল‌ক্ষাধিক টকাৰ গা‌ঞ্জা, লিকো আদি বিক্ৰী কৰে বুলি ৰাইজৰ মুখে মুখে শুনা যায়। লগতে ৰফিকুলৰ ঘৰৰ নিজা গেলামাল দোকানতো তেওঁৰ প‌ত্নীয়ে দিনে নিশাই গা‌ঞ্জা বিক্ৰী কৰে। গাৱৰ ৰাইজে বহু বাৰ বাধা দিয়া ‌স্ব‌ত্তেও বিগত বহু দিনৰে পৰা এনে অসামাজিক অবৈধ কাৰ্য কৰি আছে। ৰফিকুলে ৰূপহী হাট আৰক্ষী থানাৰ আৰক্ষী ‌প্ৰশাসনৰ চকুত ধূলি দি বহু বছৰৰ পৰা চলাই আহিছে গাঞ্জা,লিকো, আদিৰ ৰমৰমীয়া বেহা।গড়েমাটিখোৱাৰ ৰফিকুলৰ এনে কাৰ্যকলাপৰ বাবে গাৱৰ জনসাধাৰণ অতীষ্ঠ হৈ পৰিছে। কাৰণ এই গাঁওখনত সৰু সৰু লৰাবোৰৰ হাতত আৰু পকেটত গাঞ্জা দেখা পোৱা যায়। ‌স্কুলীয়া সৰু সৰু ল'ৰাৰ পৰা বয়স‌স্ত ব্যক্তি সকলেও খোলা মেলাকৈ গাওঁ খনত গা‌ঞ্জা, লিকো সেৱন কৰা দেখা যায়। যায় ফলত গাৱৰ ‌স্কুলীয়া সৰু সৰু লৰাবোৰৰ লগতে সমাজৰো বহু ক্ষতি হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ৰূপহীহাট আৰক্ষী সষ্টম নহলে সমগ্ৰ অঞ্চলটোত বিয়পি পৰিব এই বৰবিষ গাঞ্জাৰ অবৈধ ব্যৱসায়। ৰূপহী হাটৰ পৰা আনিছ উজ জামান.

বড়ি বজাৰ আৰক্ষীৰ বৃহৎ সাফল্য দীৰ্ঘদিন ধৰি পুলিচৰ মূৰৰ কামুৰণি হৈ পৰা ড্ৰাগছ মাফিয়া মজিবুৰ ৰহমান ওৰফে মৈজুক বৃহৎ পৰিমাণৰ ...
18/09/2023

বড়ি বজাৰ আৰক্ষীৰ বৃহৎ সাফল্য
দীৰ্ঘদিন ধৰি পুলিচৰ মূৰৰ কামুৰণি হৈ পৰা ড্ৰাগছ মাফিয়া মজিবুৰ ৰহমান ওৰফে মৈজুক বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক।
মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধিন বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শিলপুখুৰী গাঁৱত মৈজুয়ে দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় তাৰ পৰাই টুকটুকী, কটহগুৰি,ছালনাবড়ি, ধূপগুৰি,বেচামাৰী আদি বিভিন্ন ঠাইত আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল মৈজুয়ে। আজি এক গোপন সূত্ৰৰ পম খেদি বড়ি বজাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামৰ নেতৃত্বত এটি আৰক্ষীৰ দলে
মৈজুৰ গৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুগৰাকী মহিলা ফিৰুজা খাতুন আৰু মঞ্জুৰা খাতুন, ইব্ৰাহিম আলী, ইছমাইল আলী, মোজাম্মিল হক, চিৰাজুল হক, মজিবুৰ ৰহমান ওৰফে মৈজু মুঠ ৭জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইব্ৰাহিম আলী নামৰ লোকজন কিছুদিন পূৰ্বে তিনি কেজি গাঞ্জাসহ বড়ি বজাৰ আৰক্ষী হাতত ধৰা পৰিছিল। ৯.২৪ গ্ৰাম আৰু ৫৬.৯ গ্ৰাম ড্ৰাগছৰ লগতে এখন মটৰ চাইকেল AS-02 A M-2254 ,ম'বাইল তিনিটা,উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অধিক তথ্যৰ বাবে আটাইকে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট

প্ৰেছ বিজ্ঞপ্তিঃ ২৮/০৮/২০২৩_________________________   আজি ২৮ আগষ্ট তাৰিখে বয়বস্তুৰ অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য...
28/08/2023

প্ৰেছ বিজ্ঞপ্তিঃ ২৮/০৮/২০২৩
_________________________

আজি ২৮ আগষ্ট তাৰিখে বয়বস্তুৰ অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি চি পি আইয়ে আহ্বান জনোৱা বিক্ষোভ কাৰ্যসূচী শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয় সন্মুখতো ৰূপায়ন কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ চি পি আই শিৱসাগৰ জিলা পৰিষদৰ শতাধিক কৰ্মকৰ্তাই হাতত ৰক্ত পতাকা আৰু প্লেকাৰ্ড লৈ শিৱসাগৰ নগৰৰ মাজেদি বিভিন্ন শ্ল’গানেৰে সমদল কৰি জিলা আয়ুক্ত কাৰ্যলয় সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে আৰু এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ জিলা সম্পাদক মণি বুঢ়াগোহাঁয়ে আঁত ধৰি অস্বাভাৱিক মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰক চোকা সমালোচনা কৰি বিক্ষোভ কাৰ্যসূচীৰ তাৎপৰ্য ব্যাখা কৰে৷

বিক্ষোভস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে ইতিমধ্যে বস্তুৰ আকাশলংঘী চৰাদামে জুৰুলা কৰাৰ সময়তে পুনৰ দাইল, তেল, চাউলৰ বৰ্দ্ধিত মুল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাই বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে জনগণ বিৰোধী কাম কৰিছে আৰু ডাঙৰ ডাঙৰ মহাজন সকলক ৰাইজৰ সাঁচতীয়া ধনকেইটাও লুটি নিবলৈ সুবিধা কৰি দিছে ৷ আচলতে ২০২৪ চনত লোকসভা নিৰ্বাচন সমাগত সেয়ে ইয়াৰ পূৰ্বে হাজাৰ হাজাৰ কোটি টকা এই মহাজন সকলৰ পৰাই বিজেপিয়ে নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিব লাগিব আৰু সেয়ে চৰকাৰ তথা যোগান বিভাগে মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নকৰে বুলি কনক গগৈয়ে বিজেপিৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনে ৷ কনক গগৈয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগটো অসম চৰকাৰৰ আটাইতকৈ ব্যৰ্থ বিভাগ আৰু উক্ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস হৈছে একেবাৰে অপদাৰ্থ আৰু অকমৰ্ণ্য মন্ত্ৰী বুলিও মন্তব্য কৰে ৷ মন্ত্ৰী ৰঞ্জিৎ দাসে কেৱল নিমখৰ দাম বৃদ্ধি হ’লেহে চোৱাচিতা কৰিব পাৰোঁ বুলি কৈ জনতাক চুড়ান্ত ভাৱে অপমানিত কৰিছে বুলিও দোষাৰোপ কৰে ৷ তেওঁ আৰু কয় যে ৰঞ্জিৎ দাসে কেৱল ৰাতিপুৱা মৰ্ণিংৱাক কৰা, ব্যায়াম কৰা ফটো আদি ফেচবুকত দি নীতি শিক্ষা দিয়াতে ব্যস্ত থাকে ৷ বয়বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱস্থা লৈছে সেই বিষয়েও ফেচবুকত দিবলৈ কনক গগৈয়ে মন্ত্ৰী ৰঞ্জিৎ দাসক দাবী জনাই ৷ মন্ত্ৰী ৰঞ্জিত দাসক আচলতে অসম চৰকাৰৰ “নিমখ মন্ত্ৰী” হিচাপে নামাকৰণ কৰিব লাগে বুলিও কনক গগৈয়ে মন্তব্য কৰে ৷
আনহাতে মন্ত্ৰী ৰঞ্জিত দাসে অসমীয়া যুৱকে সৰিয়হ খেতি নকৰিলে তেলৰ দাম হ’বই, চাহিদা আৰু যোগানৰ মাজত ব্যৱধান হ’লে দাম বৃদ্ধি হ’বই , বিজেপিৰ সভাপতি ভৱেশ কলিতাই বেছি খালে মুল্যবৃদ্ধি হ’বই, গাড়ী মটৰত উঠিলে পেট্ৰ’ল ডিজেলৰ দাম বাঢ়িবই সেয়ে চাইকেলেৰে অথবা খোজকাঢ়ি অহা যোৱা কৰিব লাগে, বিধান সভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিদ্যুত মাচুল বৃদ্ধি হোৱাৰ বাবে গছৰ তলত বহিবলৈ দিয়া পৰামৰ্শ, বিধায়ক অতুল বৰাই আলু দাম বাঢ়িলে পিঁয়াজ ভজা খাবলৈ আৰু তেওঁ দৰে 'বইল' খাবলৈ দিয়া পৰামৰ্শ, সাংসদ কামাখ্যা প্ৰসাদ তাছাই কেৱল খোৱাৰ কথা ভাৱি থাকিলে বস্তুৰ দাম বাঢ়িবই বুলি কোৱা , সাংসদ দিলীপ শইকীয়াই দামবৃদ্ধি ক’ত নহয়? কানাডাতো দামবৃদ্ধি হয় আদি অসভ্যালি সূচক মন্তব্য সমূহে অসমবাসীৰ জনতাক চূড়ান্তভাৱে অপমানিত কৰিছে বুলি কনক গগৈয়ে মন্তব্য কৰে ৷ এনেবোৰ মন্তব্যই আচলতে বিজেপিৰ চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেয়া তেওঁলোকৰ চূড়ান্ত মিথ্যাচাৰৰ বাহিৰে যে আন একো নাছিল সেয়া প্ৰমাণিত হ’ল ৷ সেয়ে চৰকাৰৰ এনে জনগণ বিৰোধী আৰু নেতা মন্ত্ৰীসকৰ এনেবোৰ অপমানসূচক মন্তব্য সহ্য নকৰিবলৈ অসমবাসীৰ ৰাইজক কনক গগৈয়ে অনুৰোধ জনাই আৰু আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলৰ নেতা মন্ত্ৰী সকলক সমুচিত প্ৰত্তুত্যৰ দিবলৈ সাজু হ’বৰ বাবে তেওঁ সকলোকে আহ্বান জনাই ।
বিক্ষোভস্থলিত পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা পাৰ্টিৰ নেতা ধৰ্ম বৰুৱাইও চৰকাৰক সমালোচনা কৰি বক্তব্য ৰাখে ৷ শ্ৰমিক নেতা মদন বৰুৱা, প্ৰণৱ চেতিয়া, নৰেন বৰুৱা, ইনামূল হক, এ আই ৱাই এফৰ ৰাজ্যিক সম্পাদক অজয় বড়া, ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ, মহিলা নেত্ৰী অনুৰাধা গোহাঁই গগৈ, মল্লিকা বেগম, বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাই, কৃষক নেতা যোগেশ বুঢ়াগোহাঁইকে ধৰি বহুসংখ্যক নেতা কৰ্মী ৰাইজ উপস্থিত আছিল ৷
প্ৰতিবাদকাৰী সকলে আকাশলংঘী দাম বৃদ্ধি ৰোধ কৰিবৰ বাবে অসাধু ব্যৱসায়ী সকলক নাকী লগাবলৈ, বণিক গোষ্ঠীৰ সৈতে বিজেপি দলে কৰি থকা অবৈধ লেনদেন বন্ধ কৰিবলৈ, ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মুল্য দোকানৰ যোগেদি যোগান ধৰিবলৈ, ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ, ত্ৰুটিপূৰ্ণ মিটাৰ সমূহ বাতিল কৰিবলৈ, পে’ট্ৰলজাত সামগ্ৰীসমূহ জি এচ টি অন্তভুৰ্ক্ত কৰিবলৈ দাবী জনাই জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

13/07/2023

মৰিগাঁৱৰ সাতগাঁৱত
ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত এক, আহত দুই ।
মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত সাতগাঁৱত যোৱা নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত এজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়।
জানিব পৰা মতে, এখন মাছ কঢ়িওৱা মাহিন্দ্ৰ জিত' বাহনে এখন বাইকত খন্দিয়াই ।দুৰ্ঘটনাটোত তিনিখনকৈ বাহন পতিত হয়।
দুৰ্ঘটনাত পতিত বাহনকেইখন হৈছে AS-02-CC-2683 নম্বৰৰ মাহিন্দ্ৰ জিত',AS-02-E-5818 নম্বৰৰ ট্ৰাক আৰু AS-21-L-5223 নম্বৰৰ পালচাৰ বাইক।
দুৰ্ঘটনাত নিহত হোৱা লোকজন হৈছে টুকটুকী গাঁৱৰ হজৰত আলিৰ পুত্ৰ তথা মৎস্য ব্যৱসায়ী মজিত আলী বুলি জানিব পৰা গৈছে। মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৰ পৰা মৰণোত্তৰ পৰীক্ষা কৰি মৃত দেহ নিজ গৃহলৈ অনাৰ লগে লগে পৰিয়ালত কান্দোনৰ ৰোল পৰে।
মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট

Eid Mubarak
29/06/2023

Eid Mubarak

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ মেছাগড়ৰ যুৱ উদ্যোগী Prime 24 Assam NE ৰ স্বত্বাধিকাৰী তথা হাজৰিকা গ্ৰুপৰ পৰিচালন সঞ্চালক পা...
23/06/2023

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ মেছাগড়ৰ যুৱ উদ্যোগী Prime 24 Assam NE ৰ স্বত্বাধিকাৰী তথা হাজৰিকা গ্ৰুপৰ পৰিচালন সঞ্চালক পাৰহিজ ৰোহান হাজৰিকাৰ মিডিয়াৰ যাত্ৰাৰ আজি দুই বছৰ অতিক্ৰম কৰিছে।সকলো দৰ্শলৈ ধন্যবাদ আৰু শুভেচ্ছা থাকিল।

ঘোষণা হ’ল HS চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল...
06/06/2023

ঘোষণা হ’ল HS চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল...

জোকতলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা কালি গাওঁ স্বাস্থ্য,অনাময় আৰু পুষ্টিকৰ দিৱস পালন কৰে।
16/05/2023

জোকতলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা কালি গাওঁ স্বাস্থ্য,অনাময় আৰু পুষ্টিকৰ দিৱস পালন কৰে।

21/09/2022

👉ধিঙৰ উদানতলাত শিখা শৰ্মা।
👉উপভোগ কৰিলে ফুটবল খেল।
👉খেলৰ অন্তত সংবাদ মাধ্যমৰ আগত আগবঢ়ালে বিস্ফোৰক মন্তব্য ।
👉অসমত জেহাদীৰ নামত সাধাৰণ মানুহক হাৰাশাস্তি বন্ধ কৰক।যদি প্ৰকৃত জেহাদী আছে তেওঁলোকক শাস্তি দিয়ক।
👉চাকৰি নিযুক্তি কেলেংকাৰী সন্ধৰ্ভতো তীব্ৰ সমালোচনা কৰে শিখা শৰ্মাই।
👉বিদ্যুৎৰ বিল খেলি মেলি হোৱাটো চৰকাৰৰ নতুন নাটক।এই মন্তব্য শিখা শৰ্মাৰ।

মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট

ৰিক'ভাৰী ফাউণ্ডেচনৰ উদ্যোগত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসম তথা নাজিৰা মহাবিদ্যালয়ৰ সহযোগত নাজিৰা মহা...
19/09/2022

ৰিক'ভাৰী ফাউণ্ডেচনৰ উদ্যোগত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসম তথা নাজিৰা মহাবিদ্যালয়ৰ সহযোগত নাজিৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নিচামুক্তিৰ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন ।

আজি ৰিক'ভাৰী ফাউণ্ডেচনৰ উদ্যোগত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসম তথা নাজিৰা মহাবিদ্যালয়ৰ সহযোগত নাজিৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নিচামুক্তিৰ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰে।নাজিৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ যুগল ভৰালী, ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাই,মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত,মহকুমা দণ্ডাধীক্ষ প্ৰীতম গগৈয়েে বন্তি প্ৰজ্বলনেৰে উক্ত কাৰ্যসূচী শুভাৰম্ভ কৰে।ইয়াৰ পিছতে নাজিৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ যুগল ভৰালীৰ সভাপতিত্বত নিচামুক্তিৰ সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাই,মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত,মহকুমা দণ্ডাধীক্ষ প্ৰীতম গগৈ,নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভবেন দাস,জ্যেষ্ঠ সংবাদকৰ্মী দিলীপ হাজৰিকা,ক্লিনিকেল চাইক'লজিৰ লগত জৰিত কাউঞ্চিলাৰ মাধুৰী বড়ায়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্যেশী বক্তব্য আগবঢ়ায়।উক্ত অনুষ্ঠানতে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদ,অসমৰ উপাধ্যক্ষ জিতু বৰগোঁহাইয়ে নিচাযুক্ত দ্ৰব্য বৰ্জন কৰা আৰু কোনোদিনে এনে দ্ৰব্য সেৱন নকৰাৰ প্ৰতিশ্ৰুতিৰে ছাত্ৰ-ছাত্ৰীসকলক শপত বাক্য পাঠ কৰায়।
নাজিৰাৰ পৰা ভাস্কৰজ্যোতি মহন্তৰ ৰিপৰ্ট।

যোৱা ১৫ ছেপ্টেম্বৰ ২০২২ তাৰিখে স্বাক্ষৰিত হয় অসমৰ ৫ আদিবাসী উগ্রবাদী সংগঠনেৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ শান্তি চু...
18/09/2022

যোৱা ১৫ ছেপ্টেম্বৰ ২০২২ তাৰিখে স্বাক্ষৰিত হয় অসমৰ ৫ আদিবাসী উগ্রবাদী সংগঠনেৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ শান্তি চুক্তি। ওক্ত শান্তি চুক্তিত স্বাক্ষৰ কৰা আনলা যুদ্ধ বিৰতিত গোটৰ সদস্য সকলক উষ্ণ আদৰণি জনোৱা পৰিলক্ষিত হয় বোকাজানত আদিবাসী সম্প্রদায়ৰ তৰফৰ পৰা।যত আদিবাসী সম্প্রদায়ৰ প্রায় সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

15/09/2022

মৈৰাবাৰী ৰেলৱে কৰ্তৃপক্ষৰ অধীনত থকা চৰকাৰী মাটিত উচ্ছেদ প্ৰশাসনৰ।

ইমান দিনে পৰিত্যক্ত অৱস্থাত থকা মৈৰাবাৰী ৰেলৱেৰ অধীনৰ চৰকাৰী আবাস গৃহ সমূহ আজি ডি আৰ এমৰ নিৰ্দেশ মৰ্মে ৰেলৱে কৰ্তৃপক্ষই মৈৰাবাৰী আৰক্ষীৰ সহযোগত উচ্ছেদ কৰে।উল্লেখ যে মৈৰাবাৰী ৰেল ষ্টেচনৰ আহে পাশে অৱস্থিত ৰেলৱে আবাস গৃহ সমূহ ইমান দিনে অঞ্চলটোৰে একাংশ লোকে অবৈধ বাবে দখল কৰি চলাই আছিল অসমাজিক কাম কাজ।মদ, জুৱা,দেহ ব্যৱসায় আদিৰ দৰে জঘন্য কাম কাজবোৰ আৰক্ষীৰ চকুত ধূলি দি একাংশ লোকে চলাই থকা বুলি স্থানীয় অভিযোগ উত্থাপন কৰিছিল।ডি আৰ এমৰ নিৰ্দেশ মৰ্মে পিছলৈ মৈৰাবাৰী আৰক্ষীয়ে অবৈধ বাবে দখল কৰি থকা লোক সকলক উচ্ছেদ কৰি ৰেলৱে আবাস গৃহ সমূহ খালি কৰাৰ লগতে অবৈধ দখলকাৰী সকলক ৰেলৱে আবাস গৃহ খালি কৰাৰ সময় সীমা বান্ধি দিছিল।ইতিমধ্যে ৰেলৱে কৰ্তৃপক্ষই বোলড'জাৰ লগাই ৰেলৱেৰ আবাস গৃহ সমূহ ভাঙি দিয়ে আৰু আহে পাশে থকা অবৈধ দখলকাৰী সকলক সোনকালে চৰকাৰী মাটি সমূহ খালি কৰিবলৈ নিৰ্দেশ দিয়ে।

আজি বোকাজান মহকুমাধিপতি কাযার্লয়ত  দৰিদ্ৰ কৃষক লৈ অহা সাৰৰ বৃহৎ  কলাবজাৰ,চিণ্ডকেটৰাজ বন্ধ কৰাৰ দাবীত,      অসম জাতীয়তাব...
15/09/2022

আজি বোকাজান মহকুমাধিপতি কাযার্লয়ত দৰিদ্ৰ কৃষক লৈ অহা সাৰৰ বৃহৎ কলাবজাৰ,চিণ্ডকেটৰাজ বন্ধ কৰাৰ দাবীত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা মাননীয়, মূখ্যমন্ত্রী,ড০হিমন্ত বিশ্ব শৰ্মা দেৱলৈ, স্মাৰক পত্র প্রেৰণ কৰে।

01/09/2022

নিউজ বিলাসীপাৰা: ১ ছেপ্তেম্বৰ

বিলাসীপাৰা আনন্দ নগৰত ভূমিৰ বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট,

সুৰত জামাল, সহিনুৰ ইছলাম নামৰ অভিযুক্ত দুয়ো গৰাকী ফিৰাজুল হক মাষ্টাৰক ডেগাৰেৰে কোবাই শৰীৰৰ বিভিন্ন স্থানত গুৰুত্বভাৱে জখম কৰে,

সমগ্ৰ ঘটনা সৰ্ন্দভত ফিৰাজুল হক মাষ্টাৰৰৰ পৰিয়ালৰ লোকে বিলাসীপাৰা আৰক্ষী নিৱেশত এখন গোচৰ ৰুজু কৰিব ,

যদিও সমগ্ৰ ঘটনা সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে,

বৰ্তমান ছুৰত জামাল,সহিনুৰ ইছলাম মুল কালপিট দুয়ো গৰাকী পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে,

বিলাসীপাৰাৰ পৰা নুৰ উদ্দিন ৰ ৰিৰ্পোট,

24/08/2022

বিলাসীপাৰত আমছুৰ উত্তাল প্ৰতিবাদ,

বয়-বস্তুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে আৰু বিভিন্ন সমস্যাৰ দাৱীৰে বিলাসীপাৰা জিলা আমছুৰ কৰ্ম-কৰ্তা সকলে বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত আজি এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে,চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন,

বিলাসী পাৰা পৰা নুৰ উদ্দিন ৰিৰ্পট

 #  শিলনীজানৰ জিলাংচ’ত চাহ বাগানৰ শ্ৰমিক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰি পৰে  # #  AS 09 ...
23/08/2022

# শিলনীজানৰ জিলাংচ’ত চাহ বাগানৰ শ্ৰমিক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰি পৰে #

# AS 09 AC 4703 নম্বৰৰ বাছখনে দেওপানী অঞ্চলৰ পৰা প্ৰায় ৫০ গৰাকী চাহ শ্ৰমিক কঢ়িয়াই নিছিল বুলি জানিব পৰা গৈছে

# ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত লোক সকলক উদ্ধাৰ কৰে ।
আহত সকলক গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা পৰিলক্ষিত হয়।
👉৩ জন শ্রমিকৰ অৱস্থা
অতি সংকট জনক বুলি জানিব পৰা গৈছে।

22/08/2022

Slug-Mukalmua NPS Worker Protest

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত বৰক্ষেত্ৰী মহাবিদ্যালয়ত শিক্ষক গোটৰ সৰ্বাত্মক কৰ্মবিৰতি।

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যত হোৱা কৰ্ম বিৰতিৰ আহ্বানত মুকালমুৱাতো পালন কৰে কৰ্মবিৰতি। মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী সকলে মহাবিদ্যালয়ৰ চৌহদত কলা বেজ পৰিধান কৰি পালন কৰে কৰ্মবিৰতি। অৱসৰ লোৱা কৰ্মচাৰী সকলক মৰ্যাদাৰে জীয়াই থকাৰ বাবে আৰ্থিক নিৰাপত্তা দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় কৰ্মচাৰী সকলে। নতুন পেঞ্চন নীতিয়ে অৱসৰী কৰ্মচাৰী সকলক আৰ্থিকভাৱে নিৰাপত্তা নিশ্চিত নকৰে বুলি কয় বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে।

বাইট-শিক্ষক।

21/08/2022

মুকালমুৱাৰ ৰামপুৰত তিনিদিনীয়াকৈ ইতিহিস থিয়েটাৰৰ নাটৰ আয়োজন।

মুকালমুৱাৰ ৰামপুৰ গোপাল থান প্ৰাঙ্গনত চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ ৪,৫,৬ তাৰিখৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰিছে নাট প্ৰদৰ্শন। নাট মঞ্চস্থ কৰি শদীয়াৰ পৰা ধুবুৰীলৈ সুনাম কঢ়িয়াই অনা ইতিহাস থিয়েটাৰে তেওঁ লোকৰ এই বৰ্ষৰ তিনিখন সৰ্ব শ্ৰেষ্ঠ নাট প্ৰদৰ্শন কৰিব। ৰামপুৰ গোপাল থান নিৰ্মাণৰ সাহয্যাৰ্থে আমন্ত্ৰণ কৰা ইতিহাস থিয়েটাৰত অভিনয় কৰিব অসমৰ ভ্ৰাম্যমাণ জগতত খলকনিৰ সৃষ্টি কৰা অভিনেতা মৃদুল ভূঞাই। অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত মৰম বিচাৰি যাও বলা, জীৱন যোদ্ধা, মই গান্ধীৰ পুত্ৰ নাট তিনিখন উপভোগ কৰাৰ লগতে সমূহ ৰাইজৰ উপস্থিতি ও সহায়-সহযোগিতা কামনা কৰে উদ্যোগতাই।

বাইট- আমন্ত্ৰিত কমিটি।

20/08/2022

*বৰচলা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ,চাৰি জনীয়া তদাৰক দলৰ দুদিনীয়া তদন্ত।*

👉🏿মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচলা গাঁও পঞ্চায়তত বৃহৎ কেলেংকাৰীৰ অভিযোগ।

👉🏿 ADC ৰঞ্জিত গোস্বামীৰ নেতৃত্বত চাৰিজনীয়া এটা তদন্তকাৰী দলে দুদিনীয়া তদন্তৰে বৰচলা গাঁও পঞ্চায়তত প্ৰতিটো ৱাৰ্ডত চৰকাৰী আবাস গৃহ সমূহৰ তদন্ত কৰে।

👉🏿ৰাইজৰ অভিযোগত চৰজমিন তদন্ত কৰিবলৈ বৰচলা গাঁও পঞ্চায়তত উপস্থিত হৈছিল তদন্তকাৰী দলটি।

👉🏿উল্লেখ যে বৰচলা গাঁও পঞ্চায়তৰ সভাপতি সহ,বহু কেইগৰাকী ৱাৰ্ড সদস্যৰ লগতে পঞ্চায়ত সচিব আৰু প্ৰায় সংখ্যক পঞ্চায়ত কৰ্মছাৰী লোক এই বৃহৎ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বৰচলাৰ ৰাইজে।

👉🏿পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ পৰা অহা চাৰিজনীয়া তদাৰক দলটিৰ তদন্তত বৰচলা গাঁও পঞ্চায়তত ওলোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যবস্থা লব সেয়া হব লক্ষণীয়।

মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট

Address


Alerts

Be the first to know and let us send you an email when Prime 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prime 24 Assam:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share